চতুর্থ ত্রৈমাসিকত জিডিপিৰ হাৰ ৩.১ শতাংশলৈ হ’ল নিম্নগামী
নিয়মীয়া বাৰ্তা,৩০ মেঃ ক’ভিড–১৯ মহামাৰীয়ে দেশৰ অর্থনৈতিক বৃদ্ধিৰ ক্ষেত্রত প্রতিকূল প্রভাৱ পেলাইছে৷ জানুৱাৰীৰ পৰা মার্চলৈকে দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদন বা জিডিপি ৩.১ শতাংশ হাৰত বাঢ়িছে৷ পৰিসংখ্যা আৰু আঁচনি প্রয়োগ মন্ত্রালয় (এম’এছপিআই)ৰ তৰফৰ পৰা চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ স্মর্তব্য যে ২০১৮–১৯ বর্ষটোৰ জানুৱাৰী–মার্চত জিডিপিৰ বৃদ্ধি আছিল ৫.৭ শতাংশ৷ ২০১৯–২০ বিত্তীয় বর্ষটোত জিডিপি বৃদ্ধিৰ হাৰ ৪.২ শতাংশ হ’ব বুলি লক্ষ্য লোৱা হৈছিল৷ অর্থাৎ ১১ বছৰৰ ভিতৰতে এয়া যথেষ্ট কম৷ ২০১৮–১৯ বর্ষটোত জিডিপিৰ লক্ষ্য লোৱা হৈছিল ৬.১ শতাংশ৷ লক্ষণীয়ভাৱে জানুৱাৰী–মার্চ মাহত লকডাউনৰ সম্পূর্ণ প্রভাৱ অর্থনীতিৰ ওপৰত পৰা নাই যদিও জিডিপি বৃদ্ধিৰ হাৰ বিত্তীয় বর্ষটোৰ শেষৰ তিনিটা মাহত অভাৱনীয়ভাৱে হ্রাস পাইছে৷ একেদৰে ২০১৯–২০ বিত্তীয় বর্ষৰ তৃতীয় কোৱার্টাৰ অর্থাৎ যোৱা অক্টোবৰৰ পৰা ডিচেম্বৰলৈ জিডিপি ৪.৭ শতাংশলৈ অৱনমিত হৈছিল৷ বিত্তীয় বর্ষটোৰ প্রথম ছমাহত জিডিপিৰ হাৰ ৫ শতাংশৰ ঊর্ধ্বত আছিল যদিও পৰৱর্তী সময়ত এক বিত্তীয় সংকট আহি পৰিছে দেশজুৰি৷ ইফালে, চৰকাৰী তথ্যত বিত্তীয় ঘাটি ৪.৫৯ শতাংশলৈ বৃদ্ধি পোৱা দেখা গৈছে৷ চৰকাৰী ৰাজহ আৰু ব্যয়ৰ মাজত থকা ব্যৱধানৰ এক স্পষ্ট ছবি দাঙি ধৰে এই বিত্তীয় ঘাটিয়ে৷ পূর্বতে এই বিত্তীয় ঘাটি ৩.৮ শতাংশতে থাকিব বুলি লক্ষ্য লোৱা হৈছিল৷ ২০১৯–২০ বিত্তীয় বর্ষটোত ৰাজহ সংগ্রহৰ হাৰ হ্রাস পোৱাৰ বাবে বিত্তীয় ঘাটি বৃদ্ধি পোৱা বুলি ইতিমধ্যে পৰিসংখ্যা মন্ত্রালয়ে প্রকাশ কৰিছে৷ স্মর্তব্য যে বর্ষটোত চৰকাৰে ৰাজহ সংগ্রহ কৰিছে ১৭.৫ লাখ কোটি টকা৷ কিন্তু বাজেট দাখিলৰ সময়ত ৰাজহ সংগ্রহৰ লক্ষ্য লোৱা হৈছিল ১৯.৩১ লাখ কোটি টকা৷ একে সময়তে চৰকাৰী বিনিয়োগ বা ব্যয় হ্রাস পাইছে বর্ষটোত৷ বর্ষটোত ২৬.৯৮ কোটি টকা বিনিয়োগৰ লক্ষ্য লোৱা হৈছিল যদিও ২৬.৮৬ লাখ কোটি টকাহে বিনিয়োগ কৰা হৈছে৷