চেন্নাইৰ পৰা অহা নৱবিবাহিত দম্পতী ক’ৰোনাত আক্রান্ত
নিয়মীয়া বাৰ্তা,৩০ মেঃ বহিঃৰাজ্যত আবদ্ধ শ্রমিকসকলক লৈ ডিব্রুগডত উপস্থিত হোৱা বিশেষ শ্রমিক ৰে’লখন এতিয়া ক’ৰোনাৰ হটস্পটত পৰিণত হৈছে৷ গোলাঘাট জিলাত অভিলেখসংখ্যক ক’ৰোনা আক্রান্ত ব্যক্তি বহিঃৰাজ্যৰ পৰা উক্ত ৰে’লখনতেই আহিছিল৷ উক্ত ৰে’লখনত ডিব্রুগডলৈ অহা ৬জন ব্যক্তি ইতিমধ্যে ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ পাছত যোৱানিশা পুনৰ একেখন ৰে’লেৰে ডিব্রুগডলৈ আহি প্রশাসনৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা আন দুজন ব্যক্তিৰ ছোৱাব পৰীক্ষাত পজিটিভ ধৰা পৰাত সষ্টম হৈ পৰিছে ডিব্রুগড জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগ৷ উল্লেখ্য যে যোৱা ২৩ মে’ত ডিব্রুগডৰ বাণীপুৰ ৰে’ল ষ্টেচনত উপস্থিত হোৱা বিশেষ শ্রমিক এক্সপ্রেছখনত আহিছিল মুঠ ৯৮জন যাত্রী৷ ইয়াৰে ডিব্রুগড জিলাৰ ২৮, ধেমাজিৰ ৫, শিৱসাগৰৰ ২, লখিমপুৰৰ ২, তিনিচুকীয়াৰ ৪৫ আৰু চুবুৰীয়া অৰুণাচল প্রদেশৰ ১৬গৰাকী বহিঃৰাজ্যত আবদ্ধ হৈ থকা যাত্রী ডিব্রুগডৰ বাণীপুৰ ৰে’ল ষ্টেচনত উপস্থিত হৈছিল৷ উক্ত ৰে’লখনত অহা ৬গৰাকী ব্যক্তিৰ শৰীৰত ইতিমধ্যে ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ পাছত যোৱানিশা পুনৰ উক্ত ৰে’লখনত যাত্রী হিচাপে আহি চহৰখনৰ পল্টন বজাৰৰ জিৰণি ল’জত কোৱাৰেণ্টাইন হৈ থকা এক নৱবিবাহিত দম্পতীৰ দেহত ধৰা পৰিল ক’ভিড–১৯ পজিটিভ৷ ইয়াকে লৈ ডিব্রুগড জিলাত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে৷ জানিব পৰা মতে, জিলাখনৰ নাহৰকটীয়াৰ আকাশ ছেত্রী আৰু ৰীতা ছেত্রী নামৰ দম্পতীটো শ্রমিক এক্সপ্রেছযোগে চেন্নাইৰ পৰা ডিব্রুগডত উপস্থিত হৈছিল৷ ডিব্রুগড জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগে কালি নিশাই তেওঁলোকক অতি তৎপৰতাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ আইছ’লেচন ৱার্ডলৈ প্রেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ আনহাতে, উক্ত বিশেষ ৰে’লখনত তেওঁলোকৰ লগত অহি কোৱাৰেণ্টাইন হৈ থকা বহু ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি সন্ত্রস্ত হৈ পৰিছে ডিব্রুগড চহৰবাসী৷