ফৰিঙে বিশ্বজুৰি কঢ়িয়াব পাৰে মহাবিপর্যয়
নিয়মীয়া বাৰ্তা,৩০ মেঃ ক’ভিড–১৯ মহামাৰীৰ সমান্তৰালকৈ বিশ্বৰ কেইবাখনো দেশত তাণ্ডৱ সৃষ্টি কৰিছে ফৰিঙে৷ ইতিমধ্যে আফ্রিকা, মধ্যপ্রাচ্য আৰু এছিয়াৰ বিভিন্ন দেশত ফৰিঙে কৃষিক্ষেত্রত ধ্বংসযজ্ঞ আৰম্ভ কৰিছে৷ ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থা (ফাও)ৰ তৰফৰ পৰা ফৰিঙৰ এই উপদ্রৱক এই মহাবিপর্যয় বুলি ঘোষণা কৰাৰ প্রক্রিয়া চলোৱা হৈছে৷ চলিত বর্ষৰ শেষলৈ যদি ফৰিঙৰ উপদ্রৱ বিশ্বত বন্ধ কৰাটো সম্ভৱ নহয়, তেন্তে ক’ভিড–১৯ মহামাৰীৰ দৰে ফৰিঙৰ তাণ্ডৱক মহাবিপর্যয় আখ্যা দিয়া হ’ব৷ স্মর্তব্য যে ভাৰত, পাকিস্তান আৰু পশ্চিম আফ্রিকাত ইতিমধ্যে ফৰিঙে লাখ লাখ হেক্টৰ শস্যক্ষেত্র খাই তহিলং কৰিছে৷ ভাৰতত কেন্দ্রীয় কৃষি মন্ত্রণালয়ৰ ফৰিং সতর্কীকৰণ সংস্থা (এল ডব্লিউ অ’)ৰ তৰফৰ পৰা ৰাজস্থান, মধ্যপ্রদেশ আদি ৰাজ্যত ফৰিঙৰ এই তাণ্ডৱৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে মালাথিয়ন ৯৬ আৰু ক্ল’ৰ’পাইৰিফ’ছ৷ দুয়োবিধ কীটনাশক দৰব ছটিয়াই ফৰিং বধৰ প্রচেষ্টা চলোৱা হৈছে যদিও ৰাজস্থানত কেইবালাখ হেক্টৰ শস্যক্ষেত্র ইতিমধ্যে ধ্বংস হৈছে৷ আনকি ৰাজস্থানৰ জয়পুৰত ফৰিঙৰ উপদ্রৱৰ বাবে মানুহে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ মধ্য প্রদেশ, পঞ্জাব, উত্তৰ প্রদেশ আদি ৰাজ্যতো ফৰিঙে সৃষ্টি কৰিছে সংহাৰ৷ স্মর্তব্য যে সামুদ্রিক ধুমুহা আমফানৰ বাবেও অসংখ্য ফৰিঙেৰে মহাৰাষ্ট্র ভৰি পৰা বুলি সংবাদ মাধ্যমত তথ্য প্রকাশ পাইছে৷ ফাওৰ মতে, এই বিপর্যয় প্রতিৰোধ কৰিব নোৱাৰিলে বিশ্বজুৰি সৃষ্টি হ’ব খাদ্য সংকট৷ বিশেষকৈ এছিয়া আৰু আফ্রিকাত চলিত বর্ষটোত ভয়াৱহ খাদ্য সংকটে দেখা দিব পাৰে বুলি আশংকা প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ সংস্থাটোৱে৷ স্মর্তব্য যে চলিত বর্ষৰ আৰম্ভণিতে ফৰিঙৰ তাণ্ডৱৰ বাবে পাকিস্তানত ৰাষ্ট্রীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল৷