ভৱিষ্যতৰ আধাৰশিলা স্থাপন ভাৰতৰ
নিয়মীয়া বাৰ্তা,৩০ মেঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিগত ছয় বছৰে ভাৰতক সফলতাৰে নেতৃত্ব প্রদান কৰি আহিছে৷ দ্বিতীয়টো কার্যকালৰ প্রথম বর্ষ ইতিমধ্যে সম্পূর্ণ হৈছে৷ এইটো এটা ঘটনাবহুল বর্ষ৷ মোদীৰ কর্মৰাজিক ত্রিমুখী কার্যাৱলী হিচাপে প্রত্যক্ষ কৰিব পাৰি৷ প্রথম, কেতবোৰ ঐতিহাসিক ৰাষ্ট্রীয় পদক্ষেপ, দ্বিতীয়, ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ আৰু তৃতীয়তে, ‘আত্মনির্ভৰ ভাৰত’ৰ জৰিয়তে ভাৰতৰ ভৱিষ্যতৰ আধাৰশিলা স্থাপন৷ ধাৰা ৩৭০ৰ প্রত্যাহাৰ, লাডাখ আৰু জম্মু আৰু কাশ্মীৰ কেন্দ্রীয়শাসিত অঞ্চল গঠন, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণ, তিনি তালাক নির্মূল, ৰাম মন্দিৰ নির্মাণৰ ব্যৱস্থা ইত্যাদি ৰাষ্ট্রীয় আৰু ঐতিহাসিক ৰাজনৈতিক প্রচেষ্টা ইত্যাদি কামক ৰাষ্ট্রীয় আৰু ঐতিহাসিক ৰাজনৈতিক পদক্ষেপ হিচাপে সামৰি ল’ব পাৰি৷ এই পদক্ষেপৰ পাছত কাশ্মীৰৰ পৰিস্থিতি উন্নত হৈছে৷ এতিয়া আনকি ইণ্টাৰনেট সেৱাও পুনৰাৰম্ভ হৈছে৷ আমাৰ সেনাবাহিনীয়ে পাকিস্তানৰ কুটিল কাম–কাজৰ নিৰন্তৰ লক্ষ্য কৰি আছে৷ ৫০ বছৰতকৈ পুৰণি বডো সংকটৰ সমাধানেৰে বিস্তৃত চুক্তি স্বাক্ষৰ কৰা হ’ল, যাৰ বাবে সমাজৰ সকলো শ্রেণী আনন্দিত হৈছে৷ সেইদৰে ব্রু–ৰিয়াং শৰণার্থী সংকটো ত্রিপুৰা, ভাৰত চৰকাৰ আৰু মিজোৰামৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰৰ জৰিয়তে সফলতাৰে সমাধান কৰা হৈছে৷ তদুপৰি এই এবছৰৰ ভিতৰতে গর্ভৱতী মহিলা কর্মচাৰীক ছমাহৰ ছুটী, মেডিকেল টার্মিনেচন অৱ প্রেগনেন্সী বিল, ২০২০, এছিষ্টেড ৰিপ্রডাক্টিভ টেকন’লজী ৰেগুলেচন বিল, ২০২০ আৰু এমেণ্ডেড প্রটেকচন অৱ চিলড্রেন ফ্রম ছেক্সুৱেল অফেন্সেছ এক্ট ইত্যাদিৰ জৰিয়তে কেতবোৰ গুৰুত্বপূর্ণ সামাজিক সংস্কাৰমূলক পদক্ষেপ গ্রহণ কৰা হৈছে৷
ক’ভিডৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত আমি এক দীঘলীয়া আৰু অতি কঠোৰ লকডাউন মানি চলিছেছা, যাতে দেশত ক্ষতি কম হয়৷ বহু অঞ্চলত কোনো সুবিধাই নাছিল, আমাৰ ক’ভিড চিকিৎসালয় শূন্য আছিল৷ এতিয়া এই সংখ্যা ৮০০তকৈও অধিক হৈছে৷ আমাৰ পৰীক্ষাৰ বাবে কেৱল এটা পৰীক্ষাগাৰ আছিল, বর্তমান ৩০০তকৈ অধিক হৈছে৷ পিপিই পোছাক, মাস্ক, আনকি ছোৱাব ষ্টিকো আমদানি কৰিবলগীয়া হৈছিল৷ আমি ‘আত্মনির্ভৰ’ হৈছেছা আৰু এতিয়া ই এক ‘মেক ইন ইণ্ডিয়া’ কাহিনীত পৰিণত হৈছে৷ ভাৰতত এতিয়া ভেণ্টিলেটৰো প্রস্তুত কৰা হৈছে৷ ১৬৫ ডিষ্টিলেৰিজ আৰু ৯৬২ নির্মাতা প্রতিষ্ঠানক হেণ্ড ছেনিটাইজাৰ প্রস্তুত কৰাৰ বাবে অনুজ্ঞাপত্র প্রদান কৰাৰ ফলস্বৰূপে ইতিমধ্যে ৮৭ লাখ লিটাৰ হেণ্ড ছেনিটাইজাৰ উৎপাদন কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ কোনেও যাতে আনৰ পৰা ঋণ ল’বলগীয়া নহয়, তাৰ বাবে ইতিমধ্যে ১৫,০০০ কোটি টকা স্বাস্থ্য পেকেজ আৰু ১১,০০০ কোটি টকা ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি মুকলি কৰি দিছে৷ ক’ভিডৰ বিৰুদ্ধে যুঁজৰ পৰিপ্রেক্ষিতত ৩,০০০ ৰে’লৰ জৰিয়তে প্রায় ৪৫ লাখ প্রব্রজিত শ্রমিকক তেওঁলোকৰ ঘৰলৈ ঘূৰাই পঠিওৱা হৈছে৷ বিদেশত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকক সফলতাৰে ঘূৰাই অনা হৈছে৷
মোদীয়ে প্রথমেই জনসাধাৰণৰ কথা ভাবে৷ তেওঁৰ প্রথমটো পেকেজতে ৮০ কোটি পৰিয়ালক পাঁচ মাহৰ বাবে ২৫ কিলোগ্রামকৈ চাউল/আটা আৰু ৫ কেজিকৈ দাইল বিনামূলীয়াকৈ (৫ মাহৰ বাবে) আগবঢ়াই তেওঁলোকক খাদ্য সুৰক্ষা প্রদান কৰিছে৷ প্রায় ৫ কোটি ৰেচন কার্ডবিহীন লোকক চৰকাৰে ১০ কেজিকৈ চাউল/আটা আৰু ২ কেজিকৈ দাইল দুমাহৰ বাবে বিনামূলীয়াকৈ প্রদান কৰিছে৷ ২০ কোটি জনধন একাউণ্টৰ জৰিয়তে মহিলাসকলে ৩০,০০০ কোটি টকা লাভ কৰিছে৷ প্রতিগৰাকীয়ে তেওঁলোকৰ বেংক একাউণ্টযোগে ১,৫০০ (৫০X৩) টকাকৈ লাভ কৰিছে৷ ৮ কোটি পৰিয়ালে ২,০০০ টকা মূল্যৰ ৩টা গেছ চিলিণ্ডাৰ লাভ কৰিছে৷ প্রায় ৯ কোটি কৃষকে তেওঁলোকৰ বেংক একাউণ্টত ২,০০০ টকাকৈ লাভ কৰিছে৷ ৫০ লাখ ৰেডি–পত্রিৱালাই ১০,০০০ টকাকৈ লাভ কৰিব৷ নির্মাণ শ্রমিক পুঁজিৰ পৰা লাখ লাখ নির্মাণ শ্রমিকে ধন লাভ কৰিছে৷ যদি হিচাপ কৰা হয় সমাজৰ ১০ শতাংশ নিম্ন শ্রেণীৰ পৰিয়ালে ১০,০০০তকৈ অধিক টকাকৈ লাভ কৰিছে৷
উন্নয়নৰ তৃতীয়টো অংশ হৈছে ‘আত্মনির্ভৰ’ পেকেজৰ জৰিয়তে কেতবোৰ গুৰুত্বপূর্ণ সংস্কাৰ৷ ‘আত্মনির্ভৰ ভাৰত’ৰ পাঁচটা স্তম্ভ হৈছে অর্থনীতি, আন্তঃগাঁথনি, ব্যৱস্থা, জনগাঁথনি আৰু চাহিদা৷ এয়া হৈছে ২০ লাখ কোটি টকাৰ পেকেজ, যিটো মুঠ ঘৰুৱা উৎপাদনৰ ১০ শতাংশ৷ ইয়াৰ জৰিয়তে সমাজৰ প্রতিটো শ্রেণীকে সামৰি লোৱা হৈছে৷ ২,৭৬০ কোটি টকা পুঁজিৰে নিয়োগকর্তা আৰু কর্মচাৰী উভয়ৰে ই পি আই বৰঙণি হ্রাস কৰা হৈছে৷ ক্ষুদ্র আৰু মজলীয়া ঋণৰ ক্ষেত্রত ২ শতাংশ সুদ সাহায্য আগবঢ়োৱা হৈছে৷ ৬৩ লাখ আত্মসহায়ক গোটে ২০ লাখ টকালৈকে বন্ধকীমুক্ত ঋণ লাভ কৰিব, যিটো পূর্বতে ১০ লাখ টকালৈ সীমিত আছিল৷
অধিকসংখ্যক কোম্পানীক উপকৃত কৰাৰ লক্ষ্যৰে ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰা হৈছে৷ তেওঁলোকক ৪,৪৫,০০০ কোটি টকা ক্ষুদ্র আৰু মজলীয়া উদ্যোগ আৰু এন বি এফ চিৰ বাবে একেলগে প্রদান কৰা হৈছে৷ ১,০০,০০০ কোটি টকা কৃষিখণ্ডৰ আন্তঃগাঁথনিমূলক কার্যসূচীৰ লগতে ২০,০০০ কোটি টকা মীন বিভাগ উন্নয়ন আৰু প্রায় ১৫,০০০ কোটি টকা পশুধনৰ মুখ আৰু ভৰিৰ ৰোগৰ টিকাকৰণ তথা চিকিৎসাৰ বাবে প্রদান কৰা হৈছে৷ ইয়াত ৭০,০০০ ক্রেডিট লিংক ছাবচিডিৰো ব্যৱস্থা কৰা হৈছে, যিটো অতি গুৰুত্বপূর্ণ৷
এই পেকেজত কেতবোৰ গুৰুত্বপূর্ণ সংস্কাৰ সাধন কৰা হৈছে৷ প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰশীলতা এক ঐতিহাসিক প্রচেষ্টা৷ পূর্বতে আমি ১০০ শতাংশ অস্ত্র–শস্ত্র আমদানি কৰিবলগীয়া হৈছিল যদিও এই খণ্ডত এফ ডি আইৰ অনুমোদন নাছিল৷ মোদীজীয়ে দেশক এই কুটিলতাৰ পৰা মুক্ত কৰি প্রতিৰক্ষা খণ্ডৰ সা–সামগ্রী উৎপাদনত ৭৪ শতাংশ এফ ডি আইৰ অনুমোদন জনোৱাৰ সমান্তৰালভাৱে প্রতিৰক্ষা সঁজুলি নির্মাণত ব্যৱহূত সামগ্রীৰ আমদানিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰি ভাৰততে নির্মাণৰ পদক্ষেপ হাতত ল’লে৷ ১,০০,০০০ কোটি টকা মনৰেগালৈ অনুমোদন জনাই যিসকল প্রব্রজিত শ্রমিক গ্রামাঞ্চললৈ উভতি আহিছে, তেওঁলোকক কামৰ চাহিদা পূৰণ কৰাত উত্তম প্রচেষ্টা গ্রহণ কৰা হৈছে৷ ইউ পি এৰ দিনত মনৰেগাত ব্যয়ৰ পৰিমাণ কেতিয়াও ৩৭,০০০ কোটি টকাতকৈ অধিক নাছিল৷ আমাৰ বিগত পাঁচ বছৰত গডে ৫৫,০০০ কোটি টকাকৈ ব্যয় কৰা হৈছে৷ মোদী চৰকাৰে দুখীয়া লোকসকলৰ কথা ভাবে৷ উদ্যোগৰ পুনৰুত্থান আৰু কৰদাতাসকলৰ বাবে যথেষ্ট ৰেহাই ঘোষণা কৰা হৈছে৷
শেষত এই পেকেজে কৃষিখণ্ডৰ ঐতিহাসিক সংস্কাৰ সাধন কৰিছে৷ কৃষকসকলক এ পি এম চিৰ পৰা মুক্ত কৰা হৈছে৷ ইয়াৰ দ্বাৰা তেওঁলোকে পছন্দ মতে তেওঁলোকৰ উৎপাদিত সামগ্রী বিক্রী কৰিব পাৰিব৷ কৃষকক অত্যাৱশ্যকীয় সামগ্রী আইনৰ অধীনত বিভিন্ন কৃষকবিৰোধী ব্যৱস্থাৰ পৰা মুক্ত কৰা হৈছে৷ এতিয়াৰে পৰা বজাৰে অধিক দাম দিলেও সেই ক্ষেত্রত কৃষকসকলৰ ওপৰত কোনো বাধা নিষেধ নাথাকে৷ ‘আত্মনির্ভৰ’ পেকেজে ভাৰতৰ ভৱিষ্যৎ নির্ণয় কৰিব৷ এয়া এক স্বপ্ণদ্রষ্টা, ঐতিহাসিক আৰু দূৰদর্শী চিন্তা৷
(লেখক কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন, তথ্য আৰু সম্প্রচাৰ, গুৰু উদ্যোগ আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী৷)