অসুস্থ লোকক ৰে’লত ভ্রমণ কৰাৰ পৰা বিৰত থকাৰ আহ্বান
নিয়মীয়া বাৰ্তা,৩০ মেঃ ৰে’ল বিভাগে গুৰুতৰভাৱে অসুস্থ লোকসকলক ৰে’লত ভ্রমণ কৰাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷ বিশেষকৈ গর্ভৱতী মহিলা, ১০ বছৰ তলৰ শিশু আৰু ৬৫ বছৰ বয়সৰ ওপৰৰ লোকসকলৰ যদি শাৰীৰিক অসুস্থতা থাকে, তেন্তে তেওঁলোকে বর্তমান সময়ত ৰে’লত ভ্রমণ কৰাৰ পৰা বিৰত থাকিব লাগে বুলি ৰে’ল বিভাগৰ এক বিবৃতিত সদৰী কৰা হৈছে৷ বিবৃতিটোত উল্লেখ কৰা হৈছে যে ক’ভিড–১৯ মহামাৰীৰ সময়ত গুৰুতৰভাৱে অসুস্থ লোকসকলে ৰে’লত ভ্রমণ কৰা মানে নতুন বিপদক আদৰি লোৱা৷ ইতিমধ্যে এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে ৰে’লত৷ গতিকে অসুস্থ লোকসকলে বর্তমান সময়ত ৰে’লত ভ্রমণ কৰাৰ পৰা আঁতৰি থাকিব লাগে বুলি বিবৃতিটোত ঘোষণা কৰা হৈছে৷ স্মর্তব্য যে উচ্চ ৰক্তচাপ, মধুমেহ, হূদৰোগ বা কর্কট আক্রান্ত লোকসকলেও ৰে’ল বিভাগৰ এই আহ্বান মানি চলা উচিত বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি শাৰীৰিকভাৱে বিভিন্ন অক্ষমতা থকা লোকসকলেও এই ভ্রমণ পার্যমানে বাতিল কৰা উচিত বুলি বিবৃতিটোত প্রকাশ পাইছে৷