কাশ্মীৰৰ পৰা দুঃসংবাদঃ কোৱাৰেণ্টাইনত থকা শিৱসাগৰৰ বিএছএফ জোৱানৰ আত্মহত্যা
নিয়মীয়া বার্তা, ৩১ মে’: জম্মু–কাশ্মীৰত কোৱাৰেণ্টাইন হৈ থকা শিৱসাগৰ জিলাৰ এগৰাকী জোৱানে আত্মহত্যা কৰাৰ ঘটনাই শিৱসাগৰ জিলাত শোকৰ ছাঁ পেলাইছে৷
সীমা সুৰক্ষা বাহিনীত কর্মৰত শিৱসাগৰৰ দিচাং ধাইআলি গাঁও পঞ্চায়তৰ অন্তর্গত ২নং চাউলকৰা বামবাৰী নিৱাসী কমল লাহন আৰু জুৰি লাহনৰ জ্যেষ্ঠ পুত্র ৰাজীৱ লাহনক যোৱা ২৯ মে’ৰ বিয়লি জম্মু–কাশ্মীৰৰ পলেৰা নামৰ ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰত থকা অৱস্থাত বাথৰূমত আত্মহনন কৰা অৱস্থাত উদ্ধাৰ কৰা হয়৷
জোৱানজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শিৱসাগৰ জিলাখনৰ লগতে জন্মস্থান জয়ৰাপাৰত শোকৰ ছাঁ পৰিছে৷ জানিব পৰা মতে, উক্ত দিনা ৰাজীৱে দুপৰীয়া ভিডিঅ’ কলিঙত পত্নী আৰু দুই কইনাৰ লগত কথা পাতিছিল৷ জোৱানজনে হঠাৎ আত্মহননৰ দৰে পথ বাছি লোৱা ঘটনাটো সহজভাৱে ল’ব পৰা নাই পৰিয়ালটোৱে৷
উল্লেখ্য যে ২০০৭ চনত চাকৰিত যোগদান কৰা বি এছ এফ ৯৮ ৰেজিমেণ্টৰ ৰাজীৱ লাহনে ছমাহ পূর্বে জম্মু–কাশ্মীৰৰ পলেৰাত যোগদান কৰিছিল৷ ইয়াৰ পূর্বে তেওঁ কোচবিহাৰত কর্মৰত আছিল৷ অতি নম্র স্বভাৱৰ, পৰিয়ালৰ প্রতি থকা দায়িত্বশীল জোৱানজনৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ অসমলৈ অনা হ’ব বুলি জানিব পৰা গৈছে৷