নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত জালিয়াতিৰে ভুৱা সাংবাদিক মঞ্জুলৰ দপদপনি

নিয়মীয়া বার্তা, ১ জুনঃ চিৰাং জিলাৰ বিজনীৰ এগৰাকী সাংবাদিকে ছেটেলাইট টেলিভিছন চেনেল এটাই ‘বিজনীৰ সংবাদদাতা’ হিচাপে সাংবাদিকগৰাকীক নিযুক্তি দিয়া বুলি নিজাববীয়াকৈ ভুৱা নিযুক্তি পত্র তৈয়াৰ কৰি সর্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷

প্রাপ্ত তথ্য অনুসৰি বিজনীৰ ২নং ছাটিয়ানগুৰি নিৱাসী তথা কেবল চেনেল এটাৰ বিজনীৰ সংবাদদাতা মঞ্জুল মহানায়কে গুৱাহাটীস্থিত আগশাৰীৰ ছেটেলাইট টেলিভিছন চেনেল এটাৰ সম্পাদকে বিগত ২০১৯ বর্ষৰ ২৬ জুলাইত সংশ্লিষ্ট চেনেলটোৰ ‘বিজনীৰ সংবাদদাতা’ হিচাপে নিযুক্তি দিয়া বুলি নিজাববীয়াকৈ এখন ভুৱা নিযুক্তি পত্র তৈয়াৰ কৰি বিজনীৰ সর্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰি অহাৰ অভিযোগ উত্থাপিত হয়৷

এই সন্দর্ভত সংশ্লিষ্ট চেনেলটোৱে নিজাববীয়াকৈ অনুসন্ধান কৰাত উৰহী গছৰ ওৰ ওলাই পৰে৷ জানিব পৰা মতে, সংশ্লিষ্ট ছেটেলাইট টেলিভিছন চেনেলটোৱে মঞ্জুল মহানায়কক বিজনীৰ সংবাদদাতা হিচাপে কোনোধৰণৰ নিযুক্তি পত্র দিয়া নাই৷ ইতিমধ্যে অভিযুক্ত মঞ্জুল মহানায়কে সংশ্লিষ্ট ছেটেলাইট টেলিভিছন চেনেলটোৰ ওচৰত নিজৰ কৃতকর্মৰ বাবে ভুল স্বীকাৰ কৰিছে৷ সংবাদ মাধ্যমৰ নিযুক্তি পত্র জালিয়াতি কৰা বিষয়টোত আজি বিজনী প্রেছ ক্লাবে এক বিজ্ঞপ্তিৰ জৰিয়তে গভীৰ উদ্বেগ প্রকাশ কৰে৷

বিজনী প্রেছ ক্লাবৰ সভাপতি হেমেন শর্মা আৰু সম্পাদক হেমন্ত কুমাৰ ৰায়ে আজি প্রেছ বিবৃতিখনৰ জৰিয়তে সাংবাদিকগৰাকীৰ উক্ত বিতর্কিত কার্যক তীব্র গৰিহণা দিয়ে৷ আনহাতে, গণতন্ত্রৰ চতুর্থ স্তম্ভৰ নামত অদূৰ ভৱিষ্যতে যাতে কোনো লোকে জালিয়াতিৰ আশ্রয় লৈ সর্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত নকৰে তাৰবাবে সকীয়নি দিয়ে৷

You might also like