দেৱাশিসৰ হত্যাত জড়িতক শাস্তিৰ দাবীত পথ অৱৰোধ
নিয়মীয়া বার্তা, ১ জুনঃ ঐতিহাসিক গাভৰু পর্বতৰ আঠাইশটিলাৰ নৈসর্গিক শোভাই আকর্ষণ কৰি আহিছে প্রতিগৰাকী প্রকৃতিপ্রেমীক৷ অপৰূপ শোভাই মন–প্রাণ হৰি নিয়া গাভৰুৰ এই ঐতিসাহিক স্থান উপভোগ কৰিবলৈ গোট খায় অসংখ্য লোক৷ কিন্তু গাভৰুৰ এই সৌন্দর্যই কাল হৈ নামি আহিল দেৱাশিস গগৈ নামৰ যুৱকজনৰ জীৱনলৈ৷ মানৱৰূপী একাংশ পিশাচৰ নির্মম প্রহাৰত অকালতে প্রাণ হেৰুৱাবলগীয়া হ’ল যুৱকজনে৷ এটা সামান্য দুর্ঘটনাক লৈ সৃষ্টি হোৱা তর্কাতর্কিৰ পাছত উদ্ভৱ হোৱা অভাৱনীয় পৰিস্থিতিত নিয়ন্ত্রণহীন হৈ পৰা উন্মত্ত একাংশ লোকৰ গণপ্রহাৰত নির্মমভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় দেৱাশিসে৷ হিংস্র হৈ পৰা লোকসকলৰ ওচৰত প্রাণভিক্ষা কৰিও হাৰ মানিছিল যুৱকজনে৷ চৰিয়াই–লঠিয়াই পথৰ ওপৰতে প্রহাৰ কৰে লোকসকলে৷ বাৰম্বাৰ অনুৰোধৰ পাছতো যুৱকজনৰ প্রতি অকণো দয়া কৰিবলৈ যেন প্রস্তুত নাছিল এই লোকসকল৷ তেজেৰে তুমৰলি হৈ পৰিছিল দেৱাশিসৰ শৰীৰ৷
অৱশেষত জীৱনৰ যুঁজত হাৰ মানিছিল মৰিয়নি মহাবিদ্যালয়ৰ ছাত্রজনে৷ অতি নির্মমভাৱে তেওঁক হত্যা কৰা এই ঘটনাৰ সাক্ষী হৈ ৰ’ল পিতৃ, জ্যেষ্ঠ ভগ্ণী৷ অতি মৰমৰ মাজেৰে ডাঙৰ–দীঘল কৰা পুত্রক নিজ চকুৰ সন্মুখতে তিল তিলকৈ মৃত্যুক সাবটি লোৱা প্রত্যক্ষ কৰিও সহায় কৰিব নোৱাৰাৰ অনুশোচনাত দগ্ধ হৈ পৰিছে পিতৃ৷ যোৱা শুকুৰবাৰে গাভৰু চাহ বাগিচাত সংঘটিত এই নির্মম আৰু অমানৱীয় ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্র ৰাজ্যবাসীক৷ এই ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজপথলৈ ওলাই আহিছে সচেতন ৰাইজ, দল–সংগঠন৷ উল্লেখ্য যে শুকুৰবাৰে নকছাৰি অঞ্চলৰ আন আঠজন যুৱকসহ দেৱাশিস গৈছিল গাভৰুলৈ৷ আঠাইশটিলাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ যোৱা দেৱাশিস আৰু তেওঁৰ সংগীসকলক প্রথমে গাভৰু পর্বত চাহ বাগিচা কর্তৃপক্ষই স্থাপন কৰা এখন গেটত বাধা প্রদান কৰা হৈছিল৷ ইয়াক লৈ গেটত থকা চকীদাৰৰ সৈতে তেওঁলোকৰ তর্ক–বিতর্ক হৈছিল৷
পৰৱর্তী সময়ত সেই স্থানৰ পৰা উভতি অহাৰ সময়তে দুর্ভাগ্যক্রমে এক দুর্ঘটনাত পতিত হয় যুৱকজন৷ দেৱাশিস গগৈৰ দুচকীয়া বাহনে ওভতাৰ পথত বাগিচাখনৰ ফেক্টৰীৰ সন্মুখত দুগৰাকী মহিলাক খুন্দিয়ায়৷ বিয়লি প্রায় ৩.৩০ বজাত সংঘটিত এই দুর্ঘটনাক কেন্দ্র কৰি বাগিচাখনৰ একাংশ লোকে দেৱাশিস আৰু তেওঁৰ বন্ধু আদিত্য দাসৰ সৈতে তর্কাতর্কিত লিপ্ত হয়৷ পৰৱর্তী সময়ত উগ্রমূর্তি ধাৰণ কৰা লোকসকলে দেৱাশিস আৰু আদিত্যক উপর্যুপৰি প্রহাৰ কৰিবলৈ আৰম্ভ কৰে৷ এই লোকসকল ইমানেই নির্মম হৈ পৰে যে ঘটনাস্থলীতে মৰিয়াই মৰিয়াই হত্যা কৰে দেৱাশিসক৷ উন্মত্ত লোকসকলৰ প্রহাৰত গুৰুতৰভাৱে আহত হয় তেওঁৰ বন্ধু আদিত্য৷ ইপিনে, ঘটনা সন্দর্ভত দেৱাশিসৰ লগত যোৱা একাংশই দেৱাশিসৰ পিতৃক অৱগত কৰে৷ লগে লগে কন্যাৰ সৈতে দেৱাশিসৰ পিতৃ ঘটনাস্থলীত উপস্থিত হয়৷ কিন্তু ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে গাড়ীৰ পৰা তেওঁলোকক নমাত বাধা প্রদান কৰে৷
কোনোমতে এই বাধা নেওচি দেৱাশিসৰ জ্যেষ্ঠ ভগ্ণীগৰাকী গাড়ীৰ পৰা ওলাই আহি উন্মত্ত জনতাক বাধা দিবলৈ চেষ্টা কৰে৷ কিন্তু সেয়াও বিফল হয়৷ বায়েকৰ হাতৰ পৰা টানি–আঁজুৰি নি পুনৰ দেৱাশিসক প্রহাৰ কৰাত তেওঁ অচেতন হৈ পৰে৷ পৰৱর্তী সময়ত পুতুল মাঝি নামৰ এজন ব্যক্তিৰ সহযোগত দেৱাশিসক বায়েকে আৰুচুঙী লাহিঙৰ আদর্শ চিকিৎসালয়লৈ লৈ আহে৷ উন্নত চিকিৎসাৰ বাবে তেওঁক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও সন্ধিয়া প্রায় ৫ বজাত মৃত্যুক আঁকোৱালি লয়৷ আজি চিকিৎসা মহাবিদ্যালয়খনত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় দেৱাশিসৰ৷ ইয়াৰ পাছতে এখন বাহনেৰে ঘৰলৈ লৈ অহা হয় তেওঁৰ নশ্বৰ দেহ৷ লগে লগে সমগ্র অঞ্চলটোতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ একমাত্র পুত্রক হেৰুৱাই শোকত ভাগি পৰে পিতৃ দেৱজিৎ গগৈ আৰু মাতৃ৷ মিলগাঁৱৰ বাসগৃহত স্থানীয় ৰাইজে দেৱাশিসৰ নশ্বৰ দেহত শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ তদুপৰি মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনৰ সন্মুখতো দেৱাশিসৰ প্রতি অন্তিম শ্রদ্ধা জ্ঞাপন কৰে শিক্ষক–কর্মচাৰী–ছা একতা সভাৰ লগতে বন্ধুবর্গই৷ ইয়াৰ পাছত তেওঁৰ মৃতদেহ ঘৰফলীয়া নপাম গাঁৱলৈ লৈ যোৱা হয় আৰু তাতেই সম্পন্ন কৰা হয় শেষকৃত্য৷ উল্লেখ্য যে নকছাৰী মডেল ইংলিছ হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱা দেৱাশিস সম্প্রতি মৰিয়নি মহাবিদ্যালয়ৰ স্নাতক শ্রেণীৰ উদ্ভিদবিদ্যা বিভাগত অধ্যয়নৰত আছিল৷ সম্প্রতি তেওঁ ষষ্ঠ ষণ্মাসিকৰ ছাত্র আছিল৷
ইফালে, এই নির্মম ঘটনাৰ প্রত্যক্ষদর্শী পুতুল মাঝিয়ে সমগ্র ঘটনা সন্দর্ভত কয়– ‘সেই সময়ত তাত কিমান মানুহ আছিল, মই ক’ব নোৱাৰিম৷ কিন্তু যেতিয়া মই তাত উপস্থিত হৈছিলোঁ, দেখিছিলোঁ যে একাংশ লোকে দেৱাশিসক পথত বগৰাই লৈ এফালৰ গচকিছে, লঠিয়াইছে, গুৰিয়াইছে৷ যুৱকজনৰ নাকে–মুখে বৈ আহিছিল তেজ৷ পৰিস্থিতি বিষম দেখি উন্মত্ত ৰাইজক বাধা দিবলৈ চেষ্টা কৰিছিলোঁ৷ কোনো মোৰ কথা শুনিবলৈ প্রস্তুত নাছিল৷ ইয়াৰ বিপৰীতে আক্রমণকাৰীৰ মাজৰে দুজনমানে মোক প্রহাৰ কৰে৷ বহু চেষ্টা কৰি তাৰ বায়েকৰ লগত লগ লাগি কিবাকৈ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ৷’ ইফালে, এই ঘটনাৰ পাছত পোহৰলৈ আহিছে কেতবোৰ ভয়ানক তথ্য৷ দুর্ঘটনাটোত আহত হোৱা ৰাজু বেদিয়া, সুনিতা কুর্মী আৰু আছানি কন্ধক এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে বাগিচা কর্তৃপক্ষই৷ কিন্তু গুৰুতৰভাৱে আহত আদিত্য আৰু দেৱাশিসক হাস্পতাললৈ নিয়াৰ কোনো ব্যৱস্থা কৰা নহ’ল৷ গুৰুতৰভাৱে আঘাতপ্রাপ্ত দেৱাশিসক বায়েক আৰু দেউতাকে হাস্পতাললৈ লৈ যায়৷ আনজন আহত যুৱক আদিত্যক দেৱেৰপাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷ আদিত্যক সেই দিনাখন চিকিৎসাৰ অন্তত ঘৰলৈ অনা হৈছিল যদিও আজি পুনৰ যোৰহাটৰ এখন ব্যক্তিগত হাস্পতালত ভর্তি কৰোৱা হয়৷
ইফালে, এই ঘটনাৰ সৈতে জড়িত দোষীক শীঘ্রে গ্রেপ্তাৰ কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে বিভিন্ন দল–সংগঠনে৷ একাধিকে ছাত্র সংগঠনে দেৱেৰাপাৰ চাৰিআলিৰ সমীপত পথ অৱৰোধ কৰি দোষীক শাস্তি প্রদানৰ দাবী উত্থাপন কৰে৷ যোৰহাট জিলা ছাত্র সন্থা, তিতাবৰ মহকুমা ছাত্র সন্থা, মৰিয়নি আঞ্চলিক ছাত্র সন্থা, নকছাৰী আঞ্চলিক ছাত্র সন্থা, সদৌ তাই আহোম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, খিলঞ্জীয়া ভূমিপুত্র মঞ্চ, কৃষক মুক্তি সংগ্রাম সমিতি, বীৰ লাচিত সেনাকে ধৰি কেইবাটাও সংগঠনৰ শতাধিক সদস্যই পথ অৱৰোধ কৰে৷ ঘটনাস্থলীত আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰসহ প্রশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু শীঘ্রে দোষীক কৰায়ত্ত কৰাৰ আশ্বাস দিয়ে৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে এই ঘটনাত জড়িতসকলক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ আৰক্ষীক দাবী উত্থাপন কৰিছে৷ এই ঘটনাৰ যাতে কোনো ৰাজনীতিকৰণ নহয়, তাৰ ওপৰত নজৰ ৰখাৰ লগতে ফাষ্ট ট্রেক আদালতত ইয়াৰ বিচাৰ প্রক্রিয়া সম্পন্ন কৰাৰো তেওঁ পোষকতা কৰে৷ যোৰহাটৰ সাংসদ তপন গগৈয়ে এই ঘটনাক তীব্র গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে৷ ইফালে, নকছাৰী আঞ্চলিক ছাত্র সন্থা আৰু সদৌ তাই আহোম ছাত্র সন্থাৰ নকছাৰী আঞ্চলিক সমিতিয়ে সুকীয়াকৈ দেৱেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ এই ঘটনাৰ সৈতে গাভৰু চাহ বাগিচাৰ পৰিচালকো দোষী বুলি দল–সংগঠনসমূহে অভিযোগ কৰিছে৷
এই ঘটনাৰ প্রতিবাদত নকছাৰীৰ সকলো দোকান–পোহাৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ বন্ধ ৰখা হয়৷ তিতাবৰ মহকুমাৰ মহকুমাধিপতি আয়ুস গার্গ আৰু যোৰহাটৰ অতিৰিক্ত উপয়ুক্ত তপন গোহাঁই, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী দেৱাশিসৰ ঘৰলৈ গৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ আজি উচ্চপদস্থ আৰক্ষী আৰু প্রশাসনীয় বিষয়াই দেৱেৰাপাৰ আৰক্ষী চকীত উপস্থিত হৈ সমগ্র ঘটনাৰ বুজ লয়৷ এই ঘটনা সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত ৰুজু কৰা হৈছে ১৭২/২০ নম্বৰৰ গোচৰ৷ আজি এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গাভৰু চাহ বাগিচাৰ ৭ নম্বৰ লাইনৰ লখীন্দ্র চাওৰাৰ পুত্র অশোক চাওৰা (২৬), জয়নাৰায়ণ নায়কৰ পুত্র আশিস নায়ক (২৪), কেশৱ কুর্মীৰ পুত্র ৰাধেশ্যাম কুর্মী (৪৬) আৰু লখিন্দ্র চাওৰাৰ পুত্র শচীন চাওৰাক (২১) আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ জিলাখনৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে এই ঘটনাৰ সৈতে জড়িত সকলো দোষীক কৰায়ত্ত কৰি শাস্তি প্রদান কৰা হ’ব বুলি উল্লেখ কৰে৷
সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ সম্পাদক জিতু নেওগে এই ঘটনাৰ বিচাৰ ফাষ্ট ট্রেক আদালতৰ জৰিয়তে কৰিবলৈ আহ্বান জনোৱাৰ লগতে গাভৰু চাহ বাগিচাৰ পৰিচালককো তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছে৷ যোৰহাট জিলা উপায়ুক্তই এই ঘটনাৰ দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকনক এই তদন্তৰ দায়িত্বভাৰ অর্পণ কৰিছে৷