নিয়মীয়া বাৰ্তা ১ জুনঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ননৈ চাহ বাগিচাত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাক কেন্দ্ৰ কৰি এটা দুৰ্বৃত্তৰ দলে উদমাৰী বন কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে ননৈ চাহবাগিছাৰ নতুন লাইনৰ নিবাসী মৃত ধনীৰাম কৰ্মকাৰৰ পুত্ৰ ৰতন কৰ্মকাৰ (৩৫) নামৰ লোক জনে যোৱা নিশা প্ৰায় ৭–৩০মান মান বজাত ৰঙামাটি অঞ্চলৰ পৰা চাইকেলেৰে নিজ গৃহলৈ বুলি গৈ থকাৰ অৱস্থাত ননৈ চাহবাগিচাৰ হস্তী দণ্ডী বুলি খ্যাত গুহা শিৱ মন্দিৰৰ সমিপত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি থিতাতে নিহত কৰে ৷
পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ শালনা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত প্ৰেৰন কৰে বুলি জানিব পৰা গৈছে ৷আনহাতে বনৰীয়া হাতীৰ আক্ৰমণ থিতাতে নিহত হোৱা লোকজনৰ মৃতদেহটো বন বিভাগে উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে উক্ত লোক জনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি এটা দুৰ্বৃত্ত দলে উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰিবলৈ চেষ্টা কৰে ৷বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে উক্ত দুৰ্বৃত্ত দলটোৱে কাৰ্যালয়টো লণ্ডভণ্ড কৰি থকাৰ সময়ত চামগুৰি আৰক্ষী থানাত খবৰ দিয়া হয় যদিও আৰক্ষী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে ৷
উল্লেখ্য যে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়টোত বিগত দিনত বহুবাৰ দুৰ্বৃত্তৰ দলে ভাঙি লণ্ডভণ্ড কৰিছিল যদিও আৰক্ষীৰ সোপাধিলা নীতিৰ বাবেই পুনৰ কাৰ্যালয়টোত উক্ত কাণ্ড সংঘটিত হবলৈ পালে বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰাৰ লগতে আৰক্ষীয়ে উক্ত দুৰ্বৃত্তৰ দলটোক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷ আনহাতে দুৰ্বৃত্ত দলটোৱে যোৱা নিশা কাৰ্যালয়টোত সংঘটিত কৰা উক্ত ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত বন বিভাগৰ লোকে এখন এজাহাৰ দাখিল কৰিছে ৷এইক্ষেত্ৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও উক্ত ঘটনাৰ লগত জড়িত এজনো দুৰ্বৃত্তক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷