নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ সমস্যাৰ বুজ ল’বলৈ আহৰি নহ’ল কৃষিমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ মহানগৰীৰ চন্দ্রপুৰ তাঁতিমাৰাস্থিত আমূল দুগ্ধ উৎপাদন কেন্দ্রটো মঙলবাৰে পৰিদর্শন কৰে কৃষি তথা পশুধনমন্ত্রী অতুল বৰাই৷  আমূল দুগ্ধ উৎপাদন কেন্দ্রটোত প্রৱেশ কৰি মন্ত্রী অতুল বৰাই প্রথমে চৌহদটোৰ ভিতৰত এটা গছপুলি ৰোপণ কৰে৷ ইয়াৰ পিছতে বৰাই কেন্দ্রটোৰ ভিতৰত প্রৱেশ কৰি দুগ্ধ উৎপাদনৰ লগত জড়িত প্রতিটো শাখা পৰিদর্শন কৰে আৰু প্রতিটো শাখাৰ কার্যকর্তাসকলৰ সৈতে মত বিনিময় কৰে৷ দুগ্ধ উৎপাদন কেন্দ্রটো পৰিদর্শন কৰাৰ অন্তত মন্ত্রী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে চন্দ্রপুৰ তাঁতিমাৰাস্থিত এই দুগ্ধ উৎপাদন কেন্দ্রটো ৰাজ্যৰ প্রথমটো বৃহৎ ব্যক্তিগত খণ্ডৰ দুগ্ধ উৎপাদন কেন্দ্র৷

এই উৎপাদন কেন্দ্রটোত প্রতিদিনে ২০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন কৰি থকা হৈছে৷ ভৱিষ্যতে ইয়াৰ উৎপাদন ১ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগে৷ এইক্ষেত্রত চৰকাৰে প্রয়োজনীয় সহযোগিতা আগবঢ়াব৷ তেতিয়া কেন্দ্রটোৰ জৰিয়তে স্থানীয় গো–পালকসকল, ব্যৱসায়ীসকলে উপকৃত হ’ব৷ তদুপৰি মন্ত্রীগৰাকীয়ে শেহতীয়াভাৱে সেনাবাহিনীয়ে প্রদান কৰা গো–ধনেৰে ৰাজ্যত প্রয়োজন হোৱা গাখীৰৰ চাহিদা পূৰণ কৰাৰ লগতে স্থানীয়ভাৱে যুৱকসকলক আর্থিকভাৱে উপকৃত কৰিব বুলিও কয়৷ সাংবাদিকে লকডাউনৰ ফলত বজাৰৰ অভাৱত গো–পালকসকলে লিটাৰে লিটাৰে গাখীৰ নলাত পেলোৱা সন্দর্ভত কৰা প্রশ্ণত মন্ত্রীগৰাকীয়ে অজ্ঞতা প্রকাশ কৰে৷

লক্ষণীয়ভাৱে কৃষিমন্ত্রীগৰাকীয়ে চন্দ্রপুৰত উপস্থিত হৈ শেহতীয়া বানত হাজাৰ হাজাৰ কৃষিভূমি নষ্ট হোৱা কৃষকৰ দুর্দশাৰ বুজ ল’বলৈ এবাৰো আহৰি নোপোৱাত গভীৰ উদ্বেগ প্রকাশ কৰে সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক টুটুমণি কলিতাই৷ লগতে কৃষিমন্ত্রীগৰাকীৰ এনে উদাসীনতাই অঞ্চলটোৰ কৃষকসকলক হতাশ কৰিব বুলি মন্তব্য কৰে৷

You might also like