নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত চীন-ভাৰতৰ বিবাদঃ ৬ জুনত দুই দেশৰ সেনাৰ উচ্চস্তৰীয় বৈঠক

নিয়মীয়া বাৰ্তা, ৩জুনঃ LACৰ সমীপত নিজৰ ভূমিত ভাৰতীয় সেনাই আন্তঃগাঁথনি নির্মাণ কৰাক লৈ চীন আৰু ভাৰতৰ মাজত সৃষ্টি হৈছে সংঘাত। এই বিবাদ দুইখন দেশে কূটনৈতিকভাৱে সমাধানৰ প্রক্রিয়া চলাই থকাৰ মাজতে চীনে সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে।

কিছুদিন পূর্বে লাডাখৰ পূব প্রান্তত দুয়োখন দেশৰ সেনাৰ মাজত হতাহতি হোৱাৰ পিছতেই পৰিস্থিতি উত্তেজনাময় হৈ পৰে। ফলস্বৰূপে অতি শীঘ্ৰে এই বিবাদ নিস্পত্তি কৰিবৰ বাবে ৬জুনত দুয়োখন দেশৰ সেনাৰ মাজত অনুষ্ঠিত হ’ব এখন উচ্চস্তৰীয় বৈঠক। ভাৰতীয় সেনাৰ লেফটেণ্টেট জেনেৰেল হৰিন্দৰ সিঙৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বৈঠক।

You might also like