নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত জীৱশ্রেষ্ঠৰ আদিম পৈশাচিকতাঃ আনাৰসৰ ভিতৰত ফটকা ভৰাই গাভিনী হাতীক হত্যা

নিয়মীয়া বার্তা, ৪ জুনঃ  জীৱশ্রেষ্ঠ মানুহ কিমান বর্বৰ–পৈশাচিক হ’ব পাৰে, সেয়া আকৌ এবাৰ প্রকট হ’ল এটা গর্ভৱতী হাতীৰ কৰুণ মৃত্যুত৷ অসম তথা দেশৰ প্রান্তে প্রান্তে হস্তী–মানুহৰ সংঘাত কার্যতঃ এক সমস্যালৈ পর্যবসিত হৈছে৷ এই সংঘাতত যদি কেতিয়াবা মানুহৰ মৃত্যু হৈছে, কেতিয়াবা আকৌ প্রাণ হেৰুৱাইছে বনৰীয়া হাতীয়ে৷ কিন্তু অতি শেহতীয়াকৈ কেৰালাৰ মল্লপুৰম জিলাত ঘটা এক হূদয়বিদাৰক ঘটনাই মন–মগজু জোকাৰি গৈছে বিবেকৱান মাত্রেই প্রতিজন লোকৰে৷

আনাৰসৰ ভিতৰত ভৰাই দিয়া ফট্কা–আতচবাজী খাই অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল এটি ১৫ বছৰীয়া নিৰীহ গর্ভৱতী বনৰীয়া হাতীয়ে৷ ভেল্লিয়াৰ নৈৰ বুকুত যন্ত্রণাৰ পৰা উপশম পাবলৈ তথা গর্ভত থকা সন্তানটিক বচোৱাৰ বাবে আশ্রয় লোৱা গাভিনী হাতীটোৱে যোৱা ২৭ মে’ৰ বিয়লি নিয়তিৰ ওচৰত হাৰ মানে৷ এই কৰুণ ঘটনা হয়তো গভীৰ অৰণ্যৰ বুকুতে চিৰদিনৰ বাবে হেৰাই গ’লহেঁতেন৷

কিন্তু এগৰাকী বন বিষয়াৰ ফেচবুক পোষ্টে শেহতীয়াকৈ পোহৰলৈ অনা নৃশংস ঘটনাটোক কেন্দ্র কৰি সমগ্র দেশৰে প্রকৃতিপ্রেমীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ যোৱা সপ্তাহত ঘটা এই হূদয়বিদাৰক ঘটনা সন্দর্ভত ফেচবুকত কেৰালা বন বিভাগৰ ৰেপিড ৰেছপনছ টীমৰ বিষয়া মোহন কৃষ্ণনে মালয়ালম ভাষাত লিখিছে এইদৰে– ‘হাতীটোৱে মানুহক বিশ্বাস কৰিছিল৷ আনাৰস খাওঁতে যেতিয়া বিস্ফোৰণ হৈছিল তেতিয়াও নিজৰ কথা হাতীটোৱে নাভাবিলে৷ ভাবিছিল মাত্র গর্ভত থকা সন্তানটোৰ কথা৷ যন্ত্রণাত ছটফটাই থকা হাতীটোৱে মানুহৰ কোনো ক্ষতি কৰা নাই৷

আনকি কোনো ঘৰ–বাৰীও ভঙা নাই৷’ ঘটনা সন্দর্ভত প্রকাশিত বাতৰি অনুসৰি খাদ্যৰ সন্ধানত দুর্ভগীয়া গর্ভৱতী হাতীটোৱে ঘন অৰণ্যৰ মাজৰ পৰা হয়তো জনাৰণ্যলৈ ওলাই আহিছিল৷ স্থানীয় বাসিন্দাসকলে নিজৰ কৃষিভূমি বনৰীয়া গাহৰিৰ পৰা ৰক্ষা কৰাৰ বাবে ভিতৰত ফটকা–আতচবাজী ভৰাই আনাৰস পেলাই থৈ দিয়ে৷ ভোকাতুৰ হাতীটোৱে সেই আনাৰসকেই ভক্ষণ কৰিছিল৷ ফলত মুখগহ্বৰতে বিস্ফোৰণ ঘটি হাতীটো গুৰুতৰভাৱে আহত হয়৷ অকল মুখগহ্বৰেই নহয়, পেটতো ভীষণ আঘাত পাইছিল হাতীটোৱে৷ যন্ত্রণাৰ পৰা উপশম পাবলৈ তথা গর্ভত থকা সন্তানক বচাবলৈ এটা সময়ত হাতীটোৱে নামি পৰে ভেল্লিয়াৰ নৈৰ শীতল পানীত৷ এটা সময়ত হাতীটোৰ অসুস্থতাৰ বিষয়ে খবৰ লাভ কৰে বন বিভাগে৷ লগে লগে বনকর্মীৰ দল এটা হাতীটোৱে আশ্রয় লৈ থকা ভেল্লিয়াৰ নৈৰ পাৰত উপস্থিত হয়৷ এই সন্দর্ভত বন বিষয়া কৃষ্ণনে ফেচবুকত লিখিছে– ‘উদ্ধাৰকাৰী অন্য হাতী লৈ আমি পানীৰ পৰা দুর্ভগীয়া হাতীটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ কিন্তু আমাৰ চেষ্টা বিফল হৈছিল৷ পানীৰ পৰা হাতীটোক তুলি আনিব পৰা নগ’ল৷ মৃত্যুমুখৰ পৰা যে আৰু উদ্ধাৰ পাব নোৱাৰিব সেই কথা হয়তো হাতীটোৱে উপলব্ধি কৰিছিল৷

অৱশেষত ২৭ মে’ৰ বিয়লি হাতীটোৱে যন্ত্রণাত ছটফটাই থাকিয়েই প্রাণ ত্যাগ কৰে৷’ ইয়াৰ পিছতহে হাতীটোৰ মৃতদেহ নৈৰ বুকুৰ পৰা তুলি অনা হয়৷ তাৰ পিছত এখন ট্রাকত উঠাই শেষকৃত্য সম্পাদনৰ বাবে লৈ যোৱা হয় অৰণ্যৰ নির্দিষ্ট স্থানলৈ৷ তাৰ পূর্বে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ মৰণোত্তৰ পৰীক্ষাতে স্পষ্ট হয় যে হাতীটো গর্ভৱতী আছিল৷ জীৱশ্রেষ্ঠ মানৱৰ এনে বর্বৰোচিত কাণ্ড পোহৰলৈ অহাৰ পিছতে বিভিন্নজনে ইয়াক গৰিহণা দিছে৷ একাংশই কৈছে– ‘মানুহক হাতীটোৱে বিশ্বাস কৰিছিল৷ সেয়াই আছিল হাতীটোৰ ভুল৷’ ইয়াৰ বিপৰীতে আন একাংশৰ মত–‘ইয়াৰ ফল মানুহে ভুগিব লাগিব৷ প্রকৃতিয়ে এই পাপৰ প্রতিশোধ ল’ব৷’

ইফালে, গাভিনী হাতীটোৰ মৃত্যু সন্দর্ভত মান্নাড়কাড় বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়া মতে, আনাৰসৰ ভিতৰত ফট্কা–আতচবাজী ভৰাই বন্যপ্রাণীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা অচিনাক্ত লোকসকলৰ বিৰুদ্ধে বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে৷

You might also like