নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ অবৈধ লেনদেনঃ ৪ নেতালৈ জাননী ৰাজ্যিক বিজেপিৰ

নিয়মীয়া বার্তা, ৪ জুনঃ দলৰ লেটাৰ পেড ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰা আৰু চৰকাৰী কামত হস্তক্ষেপ কৰাৰ অভিযোগত এজন জিলা সভাপতিকে ধৰি চাৰিজন দলীয় বিষয়ববীয়ালৈ ৰাজ্যিক বিজেপিয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷

সেইমর্মে দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ সভাপতি আলতাফ হুছেইন, সাধাৰণ সম্পাদক আফতানুৰ ৰহমান, লখিমপুৰ জিলাৰ যুৱ মর্চাৰ কার্যকর্তা নির্মল পায়েং আৰু সদস্য দুর্লভ নাথক এসপ্তাহৰ ভিতৰত স্পষ্টীকৰণ দাখিলৰ নির্দেশ দিছে৷

ইফালে সোমবাৰে উন্মোচন হোৱা ‘বিজেপি বার্তা’ মাহেকীয়া আলোচনীখনত এখন ফটোৰ কেপচনত স্বাস্থ্যমন্ত্রীৰ ঠাইত ভুলতে মুখ্যমন্ত্রী বুলি ছপা হোৱাক লৈ দুখ প্রকাশ কৰিছে ‘বিজেপি বার্তা’ৰ সম্পাদক ড০ দেৱদত্ত বৰকটকীয়ে৷ বিজেপি বার্তাখন হেঙেৰাবাৰীস্থিত দলৰ কার্যালয়ত সাংসদ দিলীপ শইকীয়াই উন্মোচন কৰিছিল৷

You might also like