নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা

সাহিত্য সভাক জনগণৰ হৃদয়ৰ স্পন্দন হিচাপে গঢ়ি তোলা হ'ব

নিয়মীয়া বাৰ্তা ৪ মেঃ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই আজি সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈ আঞ্চলিক কাৰ্যালয়ৰ কাম কাজৰ পৰ্যবেক্ষণ কৰে। প্ৰধান সম্পাদক গৰাকীয়ে অসম সাহিত্য সভাৰ ১০৪ বছৰীয়া গৰিমাময় ইতিহাসৰ কথা উল্লেখ কৰি কয় – অসমৰ জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ থকা সৰ্ব বৃহৎ জাতীয় অনুষ্ঠানটোক অধিক গতিশীল কৰি তুলিবৰ বাবে অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সভাৰ অন্তৰ্গত জিলা সমিতি আৰু শাখা সমিতি সমূহক অধিক সক্ৰিয় কৰি তুলিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহন কৰা হৈছে। লকডাউনৰ বাবে সভাৰ কাম-কাজ আগুৱাই নিয়াত কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও তাৰ মাজতে কাম-কাজ সমূহ সঠিকভাবে আগুৱাই নিবলৈ ইতিমধ্যে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে প্ৰয়াস কৰা হৈছে। সাহিত্য সভাক জনগণৰ হৃদয়ৰ স্পন্দন হিচাপে গঢ়ি তুলিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। সাহিত্য সভাক অধিক জনমুখী কৰাৰ লগতে অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ লক্ষৰে মিত্ৰব্যয়তাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিভিন্ন কাম-কাজ সভা সমিতি আদিকে ধৰি আনুষংগিক সকলো ক্ষেত্ৰতে খৰছৰ পৰিমান হ্ৰাস কৰা হব। এই ক্ষেত্ৰত প্ৰধান সম্পাদকগৰাকীয়ে সকলোৰে সহযোগিতা বিচাৰে। আজি প্ৰধান সম্পাদক গৰাকীয়ে নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক হিচাপে নগাওঁ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাক আনুষ্ঠানিকভাবে দায়িত্ব অৰ্পণ কৰে। প্ৰধান সম্পাদকগৰাকীয়ে আজি ভৱেশ মেধিক ৰাজ্য ভাষা আৰু মাতৃভাষা প্ৰয়োগ উপসমিতিৰ আহবায়ক, স্বপ্না কলিতাক আকাশ উপ সমিতিৰ আহ্বায়ক সিদাৰ্থ শংকৰ বেজবৰুৱা, যুৱ সংসদ উপ সমিতিৰ আহ্বায়কৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। এই উপলক্ষে সামাজিক দূৰত্ব মানি অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাহিত্য সভাৰ নৱ নিযুক্ত কোষাধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া প্ৰেম নাৰায়ন নাথে সাহিত্য সভাৰ বিত্তীয় দিশটো কেনেকৈ সঠিকভাবে পৰিচালনা কৰিব পৰা যাব আৰু বিত্তীয় দিশ কেনেদৰে টনকিয়াল কৰিব পৰা যাব সেই সম্পৰ্কে ব্যখ্যা ডাঙি ধৰে। তেওঁ লগতে কয়- সাহিত্য সভাৰ ৫৭ গৰাকী কৰ্মচাৰীক প্ৰতিমাহে দৰমহা দিবলৈ প্ৰয়োজন হয় প্ৰায় ১০.৫০ লাখ টকাৰ। লক ডাউনৰ বাবে সভাৰ আয় বন্ধ হৈ থকাত আমি অতি কষ্টৰে তেওঁলোকক দৰমহা দি আছো। নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই জিলা সাহিত্য সভাৰ বৰ্তমানৰ সমিতিখনে কৰিব বিচৰা বিভিন্ন কাম-কাজ আৰু আঁচনিৰ বিষয়ে ব্যখ্যা দাঙি ধৰে। সভাত নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল হাজৰিকা, জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত, সম্পাদক ৰেৱত হাজৰিকা, সাহিত্যিক ৰতিমোহন নাথ, দীপ্তি দেৱী শৰ্মা, প্ৰদীপ শইকীয়া, দীপ্তি বৰা, কনক হাজৰিকা, মিণ্টু দাস, স্মৃতা কলিতা, চিত্ৰদেৱ মহন্ত আদিয়ে অংশ গ্ৰহণ কৰে। নগাঁৱৰ সাহিত্য কৰ্মী আবুল খায়েৰ আহমেদক অসম সাহিত্য সভাৰ কাৰ্য নিৰ্বাহকলৈ জিলা সমিতিয়ে মনোনীত কৰিছে বুলি জানিবলৈ দিয়ে।

You might also like