নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাওঁ যুৱ-ছাত্ৰ সমাজৰ উদ্যোগত সাহিত্য প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৪ জুনঃ  বিশ্বত্ৰাস ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনতে লক ডাউন পক্ৰিয়া চলি থকাৰ মাজতে ছয়গাওঁৰ অগ্ৰণী সামাজিক অনুষ্ঠান ছয়গাওঁ যুৱ-ছাত্ৰ সমাজৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ বিশেষকৈ কবিতা আৰু প্ৰৱন্ধ প্ৰতিযোগিতাত ৱাটছ এপৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলে নিজৰ লিখনি সমূহ প্ৰেৰণ কৰিছিল ৷ উক্ত প্ৰতিযোগিতাসমূহৰ ফলাফল যোৱাকালি ঘোষণা কৰা হয় ৷ প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে নিহাৰিকা দাস আৰু দ্বিতীয় স্থান লাভ কৰে মৌচুমী তালুকদাৰে ৷ আনহাতে কবিতা লিখা প্ৰতিযোগিতাত ধৃতিমণি গোস্বামী প্ৰথম,গংগোত্ৰী কলিতাই দ্বিতীয় আৰু মহম্মদ নেকিব আহমেদে বিচাৰকৰ বিশেষ নিচুকনি বটাঁ লাভ কৰে ৷প্ৰতিযোগিতাৰ বিজয়ী সকলক অচিৰেই এক কাৰ্যসূচীৰদ্বাৰা বটাঁ প্ৰদান কৰা হ’ব বুলি ছয়গাওঁ যুৱ ছাত্ৰ সমাজৰ সম্পাদক নৱ কলিতাই “নিয়মীয়া বাৰ্তা”ক জানিবলৈ দিয়ে ৷ ছাত্ৰ ছাত্ৰী সকলৰ ব্যপক সহাৰিৰ বাবে সংগঠন টোৱে এই বাৰ্তাৰ যোগেদি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছে ৷উল্লেখ্য যে যিটো সময়ত লক ডাউনৰ পৰিপ্ৰৰেক্ষিতত ছাত্ৰ ছাত্ৰী সকলৰ স্বাভাৱিক অধ্যয়নত এক যতি পৰিছে তেনেস্থলত ছয়গাওঁ যুৱ ছাত্ৰ সমাজৰ এনে পদক্ষেপে সচেতন মহলক আকৰ্ষিত কৰিছে ৷

You might also like