নিয়মীয়া বাৰ্তা, ৬ জুনঃ চেন্নাইত কৰ্মৰত হৈ থকা অৱস্থাতে তিতাবৰ মহকুমাৰ বেকাজানৰ এজন যুৱক সন্ধানহীন হোৱা ঘটনাই আজি অঞ্চলটোৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি বেকাজান নহটীয়া গাঁৱৰ ২০ বছৰীয়া যুৱক মুকুল আহমেদ যোৱা ১ জুনৰ পৰা চেন্নাইত সন্ধানহীন হৈ আছে। যুৱকজন কৰ্মস্থলীৰ পৰা সতীৰ্থৰ সৈতে অন্য এঠাইলৈ গৈ থকাৰ অৱস্থাতে সন্ধানহীন হৈ পৰে। বৰ্তমান বিগত চাৰিদিন ধৰি পৰিয়ালৰ লগতে বন্ধুবৰ্গয়ো হেৰুৱা যুৱকজনৰ কোনো খবৰ লাভ কৰা নাই বুলি জানিব পৰা গৈছে। যুৱকজনৰ পিতৃ মফিজুদ্দিন আহমেদ (দাদুল) আৰু মাতৃ ফৰিদা বেগমে আজি সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে চলিত বছৰৰ জানুৱাৰী মাহতে চেন্নাইত কাম কৰিবলৈ গৈছিল মুকুল। চেন্নাইৰ এ কেয়াৰ চিকিউৰিটি চাৰ্ভিছ নামৰ এটা কোম্পানীত সুৰক্ষাকৰ্মী হিচাপে বিগত কেইবা মাহৰ পৰা কৰ্মৰত হৈ আছিল মুকুল। লকডাউনৰ সময়চোৱাটো কোনো ধৰণৰ সমস্যা নোহোৱাকৈ কৰ্তব্য পালক কৰি আছিল যুৱকজনে। কিন্তু চাৰিদিনৰ পূৰ্বে কোনো এঠাইলে গাড়ীৰে গৈ থকা অৱস্থাতে যুৱকজন পলায়ন কৰে বুলি চেন্নাইৰ এ কেয়াৰ কোম্পানীটোৰ এজন ফিল্ড মেনেজাৰে ফোনযোগে পৰিয়ালক ব্যক্ত কৰিছে। কমবয়সীয়া যুৱকজন হেৰুৱা খবৰে বৰ্তমান দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে। কোনোৱে চক্ৰান্ত কৰি যুৱক জনক হত্যা কৰিব পাৰে বুলিও পৰিয়ালবৰ্গ শংকিত হৈ পৰিছে। ইতিমধ্যে পৰিয়ালবৰ্গই সহায় বিচাৰি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকলৈ এক পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।