নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত নিৰ্মাণ হ’ব ১০০ কোটি ক’ৰোনা ভাইৰাছৰ ভেকচিন

নিয়মীয়া বাৰ্তা ৬ জুনঃ সমগ্ৰ বিশ্বতে এতিয়া সকলোৱে অধীৰ অপেক্ষাত আছে ক’ৰনোৰ ভেকচিন কেতিয়াৰ পৰা উপলব্ধ হ’ব। কেতিয়া সৰ্বসাধাৰণে এই ক’ৰোনা মহামাৰীৰ পৰা মুক্তি লাভ কৰিব। এই প্ৰশ্নৰ মাজতে দেশবাসীৰ কাৰণে এটা ভাল খবৰ। ক’ৰোনাৰ ভেকচিনৰ পৰীক্ষণৰ মাজতে ভাৰতে ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। দৰাচলতে পুণেস্থিত সীৰম ইন্সিটিউট অৱ ইণ্ডিয়াই ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ উৎপাদন আৰম্ভ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।
আনহাতে ব্ৰিটিছ-চুইডিস ফাৰ্মা কোম্পানী এটাই ঘোষণা কৰিছে কোম্পানীটোৱে AZD1222 ৰ যোগানৰ  আৰু সীৰম ইন্সিটিউট অফ ইণ্ডিয়াৰ সৈতে চুক্তিবদ্ধ হৈছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ক’ৰোনা ভাইৰাছৰ সম্ভাৱিত ভেকচিনৰ যোগান ব্ৰিটিছ-চুইডিস ফাৰ্মা কোম্পানীটোৰ দায়িত্বত আছে।
ব্ৰিটিছ-চুইডিস কোম্পানীটোৱে ১০০ কোটি ক’ৰোনা ভেকচিন বনাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰে ৪০ কোটি ভেকচিন এই বছৰৰ অন্তত নিৰ্মাণ কৰিবলৈ লক্ষ্য কৰি লৈছে। আৰু পুণেত এই ভেকচিনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰত প্ৰথম অক্সফৰ্ড বিশ্ববিদ্যালয় শীৰ্ষত আছে। বিশ্ববিদ্যালয়ে ভেকচিনৰ পৰীক্ষণ দ্বিতীয় পৰ্যায়ত উপনীত হৈছে। দ্বিতীয় পৰ্যায়ৰ ভেকচিন পৰীক্ষণত ১০,০০০ লোক অন্তৰ্ভুক্ত কৰা হ’ব।

You might also like