নিয়মীয়া বাৰ্তা ৭ জুনঃ হাজো ৰাজহ চক্রৰ অন্তর্গত বাগটা শান্তিপুৰত মাহ–প্রসাদত বিষক্রিয়া হৈ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে শিশুসহ অর্ধশতাধিক লোক হাজো এফ আৰ ইউত চিকিৎসাধীন হৈ আছে৷ বিষক্রিয়া হৈ বিনা চিকিৎসাই ঘৰতে মৃত্যু হোৱা যুৱকজন হ’ল বাগটা শান্তিপুৰৰ নৃপেন দাসৰ পুত্র দিপচন দাস (১৯)৷ হাজোৰ বাগটা শান্তিপুৰৰ প্রয়াত মহিম দাসৰ যোৱা ৪ মে’ত মাহিলি তিথি সম্পন্ন হয়৷ এই মাহিলি তিথিত ওচৰ–চুবুৰীয়া লোকসকলে মাহ–প্রসাদ খোৱাৰ পিছতে একাংশ লোকৰ সেইদিনা নিশাৰ পৰা শৌচ–বমি আৰু পেটৰ বিষ আৰম্ভ হ’বলৈ ধৰে৷ লগে লগে আক্রান্তসকলক হাজো বিষ্ণুৰাম মেধি গ্রাম্য চিকিৎসালয়ত ভর্তি কৰায়৷ইফালে, কালি পুৱাৰ পৰা আজি পুৱালৈ শিশু, মহিলাসহ অর্ধশতাধিক আক্রান্ত হয়৷ চুবুৰিটোৰ প্রতিটো পৰিয়ালৰ এজন–দুজন আক্রান্ত হয়৷ আজি দুপৰীয়াৰ পৰা হঠাৎ দিপচন দাস শৌচ–বমিত আক্রান্ত হোৱাত ওচৰ–চুবুৰীয়া লোকে চিকিৎসালৈ অনাৰ সময়তে তেওঁ অকাল মৃত্যুক সাবটি লয়৷বর্তমান হাজো এফ আৰ ইউত চিকিৎসাধীন হৈ থকাসকল হ’ল– নিৰলা দাস (৪৭), ৰুবী দাস (২৩), ৰুক্মিণী দাস (৩০), কুঞ্জ দাস (৫৫), পুৱালী দাস (১৮), বিলাতী দাস (৩৬), কৰৱী দাস (৩০), ধৰণী দাস (৩৫), অকণ ডেকা (৬৫), হেনা দাস (২০), ৰীতা দাস (৪৫), বিপুল দাস (২৫), জুনু দাস (২২), বাসন্তী দাস (৪৫), উপমা দাস (২৫), গকুল দাস (৩৬), গৰিমা দাস (২৫), পিংকী দাস (২৪), ডিম্বেশ্বৰ দাস (৬০), ববিতা (৩৫), ৰুবুল দাস (২৬), বিকি দাস (১৫) আৰু মাধৱ দাস (২৬)৷ তদুপৰি অইন কেইবাজনো লোক চিকিৎসালয়ৰ পৰা ঘৰলৈ যায়৷