নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ধঁপাতৰ চোৰাং বেহা

নিয়মীয়া বাৰ্তা ৭ জুনঃ অপৰাধীৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ৰে’লৱে ষ্টেচন৷ আন্তর্জাতিক চোৰাং ব্যৱসায়ী চক্রই গুৱাহাটী ষ্টেচনৰ পৰা বহিঃৰাজ্যলৈ চোৰাংভাৱে নিষিদ্ধ সামগ্রী কঢ়িয়াই আহিছে৷ চোৰাং ব্যৱসায়ী চক্রই ৰে’লযোগে সোণ, গাঞ্জা আৰু অন্যান্য সামগ্রী বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে যদিও এইসমূহ নিয়ন্ত্রণ কৰাত চৰকাৰী ৰে’ল আৰক্ষী চূড়ান্তভাৱে ব্যর্থ হৈছে৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি চোৰাং সৰবৰাহকাৰী চক্রই নিতৌ ৰে’লযোগে বহিঃৰাজ্যলৈ লাখ লাখ টকাৰ চোৰাং সামগ্রী সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি চৰকাৰ–প্রশাসনে ষ্টেচনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সময়তে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ যি সময়ত কেন্দ্রীয় চৰকাৰে গুট্খা তথা ধঁপাতজাতীয় সামগ্রী বিক্রীৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে , সেই সময়তে গুৱাহাটী ষ্টেচনৰ প্লেটফর্মত প্রায় কোটি টকাৰ নিষিদ্ধ ধঁপাতৰ বস্তা ৰহস্যজনকভাৱে পৰি থকাৰ ঘটনা পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য মতে, অলপতে গুৱাহাটী ষ্টেচনৰ ৪নং প্লেটফর্মত প্রায় ৫০০ কুইণ্টল ধঁপাতৰ বস্তা পৰি থকা পৰিলক্ষিত হয়৷ কিন্তু এই ধঁপাতখিনি কোনে ক’ৰ পৰা আনিছিল সেই বিষয়ত আৰক্ষীয়ে মৌনতা অৱলম্বন কৰে৷ এই লৈ একাংশ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাৰ পাছত অৱশেষত চৰকাৰী ৰে’ল আৰক্ষীয়ে জিআৰপি থানাত ঘটনা সন্দর্ভত ভাৰতী দণ্ডবিধিৰ ৪২০/৩৭৯/৪৬৮/১৮৮ আৰু ডিএমএক্টৰ ৫১ (বি) ধাৰাত ৪৫/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ জিআৰপিয়ে ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই সন্দর্ভত সঠিক তথ্য পোহৰলৈ অহা নাই৷ কিন্তু ঘটনাৰ কেইবাদিন পাছতো চৰকাৰী ৰে’ল আৰক্ষীয়ে এই সন্দর্ভত মৌনতা অৱলম্বন কৰাক কেন্দ্র কৰি বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷ অৱশ্যে প্রাথমিক তদন্তত ধঁপাতখিনি বহিঃৰাজ্যৰ পৰা তিনিচুকীয়া আৰু বদৰপুৰলৈ আনিছিল বুলি এক বিশেষ সূত্রই জানিবলৈ দিছে৷ একাংশ লোকে গুৱাহাটী ষ্টেচনত ধঁপাতৰ চিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে যদিও আৰক্ষীয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে চোৰাং সোণ চুৰিৰ অভিযোগত পূর্বে এগৰাকী আৰক্ষী বিষয়াক দুবাৰকৈ জে’ল হাজোতলৈ প্রেৰণ কৰা হৈছিল৷

You might also like