নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাহ্বানক নেওচি জনশিমলু উচ্চ ইংৰাজী বিদ্যালয়ৰ বৃহৎ সাফল্য

নিয়মীয়া বাৰ্তা ৭ জুনঃ শনিবাৰে ঘোষিত হোৱা হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফলত জনশিমলু অঞ্চললৈ সুনাম কঢ়িয়াই আনিলে অসম চৰকাৰৰ বন বিভাগে উচ্ছেদ কৰা এখন বিদ্যালয়ৰ শিক্ষার্থীয়ে৷ বিদ্যালয়খনৰ প্রধান শিক্ষক কনক কলিতাই জনোৱা মতে, জনশিমলু উচ্চ ইংৰাজী বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল মুঠ ৭১গৰাকী৷ ইয়াৰে ৮জনে ষ্টাৰ নম্বৰসহ মুঠ ২২জনে প্রথম বিভাগ, ২১জনে দ্বিতীয় বিভাগ আৰু ১৩জনে তৃতীয় বিভাগ পাই মুঠ ৫৬জন উত্তীর্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অঞ্চলবাসীৰ চৰকাৰলৈ অনুৰোধ বিদ্যালয়খন অতি সোনকালে পুনৰ নির্মাণ কৰি দিব লাগে৷ প্রধান শিক্ষকগৰাকীয়ে জনোৱা মতে, যোৱা ২০১৮ বর্ষত ৪২গৰাকীৰ এজনে ডিষ্টিংচন, চাৰিজনে ষ্টাৰসহ ১৩জনকৈ শিক্ষার্থীয়ে প্রথম আৰু দ্বিতীয় বিভাগত উত্তীর্ণ হোৱাৰ লগতে ৬জনে তৃতীয় বিভাগত উত্তীর্ণ হৈছিল৷ আনহাতে যোৱা ২০১৯ বর্ষত ৫৮ জনৰ ৩জনে ডিষ্টিংচন, ৬জনে ষ্টাৰ আৰু ২১জনে প্রথম বিভাগ, ১৪জনে দ্বিতীয় আৰু ১১জনে তৃতীয় বিভাগত উত্তীর্ণ হৈছিল৷ উল্লেখ্য যে ২০১৭ বর্ষৰ ২৮ নৱেম্বৰত জনশিমলু হাইস্কুলৰ ছাত্র–ছাত্রীলৈ এক অনামিশা নামি আহিছিল৷ কাৰণ অসম চৰকাৰৰ বন বিভাগে বিদ্যালয়খন উচ্ছেদ কৰি ভাঙি পেলাইছিল৷ তেতিয়াৰে পৰা দিনৰ ১২ বজাৰ পৰা আবেলি ৫.৩০ বজালৈ বতাহঘুলি প্রাথমিক বিদ্যালয়ত পাঠদান চলাই আছে৷ ২০১৭ বর্ষৰ ৫ ডিচেম্বৰত মহানগৰ জিলাৰ তদানীন্তন উপায়ুক্ত এম অংগমথুৱে এক সংবাদ মেলযোগে ঘোষণা কৰিছিল যে বিদ্যালয়খন অন্য ঠাইত পুনৰ নির্মাণ কৰি দিব৷ কিন্তু অতি দুখৰ বিষয় দুবছৰ সাত মাহ পাৰ হ’ল আজিলৈকে বিদ্যালয়খন পুনৰ নির্মাণ নহ’ল৷ বিদ্যালয়খনৰ প্রায় ৩০০ ছাত্র–ছাত্রীয়ে অতি কষ্টৰে দিনৰ ১২ বজাৰ পৰা আবেলি ৫.৩০ বজালৈ শিক্ষা গ্রহণ কৰি আহিছে৷

You might also like