হাতীগাঁৱত বিদ্যুতৰ খুঁটাত বান্ধি চোৰক প্রহাৰ
নিয়মীয়া বাৰ্তা ৭ জুনঃ গুৱাহাটীৰ হাতীগাঁও থানাৰ অন্তর্গত হাতীগাঁৱত এজন চোৰক কৰায়ত্ত কৰি বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীৰ সূত্রই জনোৱা মতে, হাতীগাঁৱৰ অনুপম নগৰৰ মির্জা গালিব পথৰ বাসিন্দা চান্দ মহম্মদ তালুকদাৰৰ ঘৰলৈ কালি বিয়লি দুজন যুৱকে স্কুটি লৈ আহি এটা গেছ চিলিণ্ডাৰ চুৰি কৰি লৈ যায়৷ পিছত চান্দ মহম্মদ তালুকদাৰৰ পৰিয়ালে চিচি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি দুজন যুৱকে গেছ চিলিণ্ডাৰ চুৰি কৰি নিয়া ধৰা পেলায়৷ আজি দিনৰ ভাগত এজন যুৱকে হাতীগাঁও বজাৰত গেছ চিলিণ্ডাৰ বিক্রী কৰিবলৈ অহাত স্থানীয় ৰাইজে চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত চিনাক্ত কৰি যুৱকজনক কৰায়ত্ত কৰি বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মধ্যম শোধায়৷ ৰাইজৰ জেৰাত যুৱকজনে গেছ চিলিণ্ডাৰ চুৰি কৰাৰ কথা স্বীকাৰ কৰে৷ পিছত ৰাইজে যুৱকজনক হাতীগাঁও আৰক্ষীক গতাই দিয়ে৷ ধৃত চোৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বেলতলা ছার্ভেত অভিযান চলাই আৰু এজন চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰ দুজন হৈছে ৰাহুল ৰয় (১৯) আৰু ঋতুল আহমেদ (৩০)৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৮০ নং ধাৰাৰ অধীনত থানাত ২৮৬/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে হাতীগাঁও অঞ্চলত বিগত দুমাহ ধৰি ধাৰাবাহীকভাৱে চুৰি কার্য সংঘটিত হৈ আছে যদিও আৰক্ষীয়ে চুৰি কার্য ৰোধ কৰাত চূডান্তভাৱে ব্যর্থ হৈছে৷