বিস্ফোৰক নহ’লেও ক’ভিড–১৯ বিপজ্জনক ভাৰতত
বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সেৱাৰ পৰিচালন সঞ্চালক মাইকেল ৰিয়ানৰ মন্তব্য
নিয়মীয়া বাৰ্তা ৭ জুনঃ আনলক–১ আৰম্ভৰে পৰা ভাৰতত দ্রুতগতিত ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হৈ আছে৷ আক্রান্তৰ তালিকাত বিশ্বৰ ষষ্ঠ স্থানত থকা ভাৰত সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সেৱাৰ পৰিচালন সঞ্চালক মাইকেল ৰিয়ানে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ পৰিচালন সঞ্চালকগৰাকীয়ে আনলকৰ সময়ত ভাৰতত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷ দেশখনত ক’ভিড–১৯ বিস্ফোৰিত নহ’লেও এই মহামাৰী ভাইৰাছ দেশখনৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে বুলি মন্তব্য কৰিছে পৰিচালন সঞ্চালকগৰাকীয়ে৷ দেশখনত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দুগুণ হ’বলৈ প্রায় তিনি সপ্তাহ লয় যদিও যিটো গতিত আগবাঢ়ি আছে তাক নিৰীক্ষণ কৰিলে ই বিপজ্জনক হ’ব পাৰে৷ চহৰ আৰু গ্রামাঞ্চলত ক’ভিড–১৯ৰ সংক্রমণৰ বিবিধতাক লৈ মন্তব্য কৰি পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে দেশখনৰ বিভিন্ন প্রান্তত ইয়াৰ সংক্রমণ পৃথক পৃথক৷ ভ্রমণ বৃত্ত নথকা লোকো এই ভাইৰাছটোত আক্রান্ত হৈছে৷ দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতত জনসংখ্যা অধিক৷ বৃহৎসংখ্যক জনসংখ্যাৰ দেশখনত প্রতিমুহূর্ততে বিপদৰ সম্ভাৱনা থাকে৷ অর্থাৎ ক’ভিড–১৯ বিপজ্জনক হ’ব পাৰে৷ লকডাউনৰ বাবে ভাৰতত মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ কিছু হ্রাস পাই আছিল যদিও লকডাউন শিঠিল কৰি আনলক–১ৰে বেপাৰ–বাণিজ্য মুকলি কৰি দিয়াত পৰিস্থিতি কিছু বেয়াৰ ফালে আগবাঢ়ি গৈ আছে৷ সম্প্রতি দেশখনে ভাইৰাছটোৰ সংক্রমণ ৰোধ কৰাৰ ক্ষেত্রত কেনেদৰে পদক্ষেপ গ্রহণ কৰে তাৰ ওপৰত অনাগত দিনকেইটা নির্ভৰ কৰিব৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ৰাজহুৱা স্থানত মাক্স পিন্ধাটো বাধ্যতামূলক কৰিব লাগে বুলি দেশসমূহক আহ্বান জনাইছে৷ ইয়াৰ পূর্বে ৰাজহুৱা স্থানত সুস্থ–সবল লোকে মাক্স পৰিধান কৰাৰ ক্ষেত্রত গুৰুত্ব দিয়া নাছিল সংস্থাটোৱে৷ সংশোধিত অনুমোদনত সকলোকে ৰাজহুৱা স্থানত মাক্স পিন্ধাটো বাধ্যতামূলক কৰিছে৷