শিক্ষামন্ত্রীৰ যুগান্তকাৰী সিদ্ধান্তক আদৰণি অসমবাসীৰ
কেন্দ্রীয় ব’ৰ্ডৰ স্কুলতোঅসমীয়া বাধ্যতামূলক কৰাৰ দাবী
নিয়মীয়া বাৰ্তা ৯ জুনঃ অসমৰ সকলো বিদ্যালয়ত দশম শ্রেণীপর্যন্ত অসমীয়া ভাষা বাধ্যতামূলক কৰা পদক্ষেপৰ প্রতি আদৰণি জনাইছে ৰাজ্যৰ বিভিন্ন দল–সংগঠন আৰু বৌদ্ধিক সমাজে৷ ৰাজ্য চৰকাৰে প্রণয়ন কৰা এই সম্পর্কীয় আইনত ৰাজ্যপালে অনুমোদন দিয়াৰ পাছত দেওবাৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলযোগে এই ঘোষণা কৰিছে৷ ঘোষণা অনুসৰি অসমত দশম শ্রেণীপর্যন্ত অসমীয়া ভাষা বাধ্যতামূলক হোৱাৰ বিপৰীতে বৰাকত বাংলা ভাষা আৰু বি টি এ ডিত বড়ো ভাষা বাধ্যতামূলক কৰা হ’ব৷ ৰাজ্যৰ শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ প্রতি আদৰণি জনাই অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে অসমীয়া ভাষাৰ বিকাশ আৰু প্রসাৰৰ ক্ষেত্রত এয়া এক ঐতিহাসিক সিদ্ধান্ত৷ শিক্ষা বিভাগৰ এনে সিদ্ধান্তই অসমীয়া ভাষাৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপক গুৰুত্বপূর্ণ আৰু সুদূৰপ্রসাৰী বুলি অভিহিত কৰে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ তেওঁ লগতে কয় যে অসমীয়া ভাষা কেৱল অসম চৰকাৰৰ অধীনস্থ ব’ডসমূহতে নহয়, কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ব’ডসমূহতো বাধ্যতামূলক হ’ব লাগে৷ দক্ষিণ ভাৰতত কেন্দ্রৰ ব’ৰ্ড সমূহৰ ক্ষেত্রতো স্থানীয় ভাষাত শিক্ষাগ্রহণ কৰাটো এশ শতাংশ বাধ্যতামূলক৷ গতিকে অসম চৰকাৰেও কেন্দ্রীয় ব’ৰ্ডৰ অধীনস্থ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলকভাৱে শিকোৱাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ আনহাতে, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে ৰাজ্য চৰকাৰৰ এই পদক্ষেপ সন্দর্ভত কয় যে ৰাজ্য চৰকাৰে বড়ো মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই তুলিবলৈ আঁচনি গ্রহণ কৰক৷ বি টি এ ডিৰ বাহিৰৰ অন্যান্য স্থানত যিসমূহ বড়ো মাধ্যমৰ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহ নানা সমস্যাত জর্জৰিত হৈ পৰিছে৷ শিক্ষকৰ অভাৱ, পাঠ্যপুথিৰ সমস্যা আদিৰ ফলত বহু বিদ্যালয় ইতিমধ্যে বন্ধ হৈ গৈছে৷ গতিকে বড়ো মাধ্যমৰ এই বিদ্যালয়সমূহক জীয়াই তুলিবলৈ এবছুৱে শিক্ষামন্ত্রীগৰাকীক বিশেষভাৱে অনুৰোধ জনাইছে৷ একে সময়তে বি টি এ ডিৰ বাহিৰৰ আন স্থানৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া বিষয় বাধ্যতামূলক কৰাৰো পোষকতা নকৰে এবছুৱে৷ এবছু সদায় তিনিটা ভাষাৰ শিক্ষানীতিৰ পক্ষত আছে৷ ছাত্র–ছাত্রীসকলক নিজৰ মাতৃভাষা, তাৰ পাছত ৰাষ্ট্রীয় ভাষা হিন্দী আৰু ইংৰাজীক তৃতীয় ভাষা হিচাপে শিক্ষাদান কৰাৰ দাবীত এবছুৱে ইতিমধ্যে চৰকাৰলৈ স্মাৰক–পত্রও প্রেৰণ কৰিছে৷ এবছু সভাপতিগৰাকীয়ে লগতে কয় যে বি টি এ ডিত থকা অসমীয়া মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষা বাধ্যতামূলক কৰাৰ দাবী এবছুৱে জনোৱা নাই, তেনেস্থলত আন ঠাইৰ বড়ো মাধ্যমৰ বিদ্যালয়তো অসমীয়া জাপি দিব নালাগে৷ অগপ চৰকাৰৰ দিনত অসমীয়া বাধ্যতামূলক কৰিবলৈ লোৱা সময়তো উপেন ব্রহ্মৰ লগত সংঘাত হৈছিল৷ বহু সংগ্রামৰ মাজেৰে বড়ো ভাষা আজিৰ পর্যায়ত উপনীত হৈছে৷ এতিয়া এবছুৱে অসমৰ অখণ্ডতা ৰক্ষা কৰি বি টি আৰ চুক্তি স্বাক্ষৰ কৰিলে৷ বড়োসকলৰ মাজত এতিয়া আৰু কোনো সশস্ত্র আন্দোলন নাই, পৃথক ৰাজ্যৰ দাবী নাই৷ কিন্তু ভাষাটো যিহেতু এটা জাতিৰ আৱেগৰ লগত জড়িত বিষয়, গতিকে এই সন্দর্ভত ইতিহাস চাই সিদ্ধান্ত ল’ব লাগে৷ বড়ো মাধ্যম বা আন মাধ্যমৰ ওপৰত আন এটা ভাষা জাপি দিয়া উচিত নহয়৷ সকলো বিষয় আলোচনাৰ মাজেৰে সমাধান হ’ব লাগে৷ ইফালে, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক ৰাজ্যবাসীয়ে আদৰণি জনাইছে৷ বিভিন্ন দল–সংগঠনে ৰাজ্যৰ শিক্ষা বিভাগৰ এনে সিদ্ধান্ত অসমীয়া ভাষাৰ বাবে সুদূৰপ্রসাৰী বুলি অভিহিত কৰিছে৷