নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰবাসীক শীঘ্রে বিশুদ্ধ খোৱাপানী যোগানৰ দাবীৰে গুৱাহাটী ক্লাবত শতাধিক আছু কর্মীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ৯ জুনঃ  প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগান ধৰাত ব্যর্থ হৈছে চৰকাৰ৷ বছৰৰ পাছত বছৰ ধৰি মহানগৰবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈ আহিছে৷ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবীত সোমবাৰে সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটী মহানগৰ সমিতিয়ে প্রতিবাদ সাব্যস্ত কৰে৷

  আছুৰ শতাধিক কর্মীয়ে হাতে হাতে প্লে’কার্ড ফেষ্টুন লৈ গুৱাহাটী উন্নয়ন বিভাগ হায় হায়, ৰাজ্য চৰকাৰ হায় হায়, মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰক আদি শ্লোগানেৰে গুৱাহাটী ক্লাবৰ লটাৰীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

   লক্ষণীয় যে গুৱাহাটী মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে কেইবাটাও অভিলাষী আঁচনি গ্রহণ কৰিছে৷ কিন্তু চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষৰ হেমাহিত এই অভিলাষী পানী যোগান প্রকল্পকেইটা সোমবাৰেও সম্পূর্ণ হৈ উঠা নাই৷ ফলশ্রুতিত মহানগৰবাসীয়ে প্রয়োজনীয় বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আহিছে৷ তদুপৰি বিগত কেইবাদিনো ধৰি জি এম চিয়ে মহানগৰীৰ বিভিন্ন অঞ্চলত যোগান ধৰিছে ঘোলাপানী৷ খাৰঘুলি, গান্ধীবস্তি, লাচিতনগৰ আদি বিভিন্ন অঞ্চলৰ লোকে বিগত কেইবাদিনো ধৰি ঘোলাপানী ব্যৱহাৰ কৰাৰ ফলত ছালৰ বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে৷

  সোমবাৰৰ প্রতিবাদী কার্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক সদস্য সীমান্ত ঠাকুৰীয়া আৰু তপন কলিতাই কয় যে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ প্রতিটো দিশতে ৰাজ্য চৰকাৰ ব্যর্থ হৈছে৷ গুৱাহাটী মহানগৰৰ জনসাধাৰণে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে৷ গুৱাহাটীৰ কাষেৰে বিশাল ব্রহ্মপুত্র বৈ থকা সত্ত্বেও সেই পানী শোধন কৰি জনসাধাৰণক যোগান ধৰিব পৰা নাই৷ চৰকাৰক শীঘ্রে গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবী জনায় ছাত্র নেতাদ্বয়ে৷ অন্যথা পৰৱর্তী সময়ত ছাত্র সন্থাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গণতান্ত্রিকভাৱে প্রতিবাদী কার্যসূচী অব্যাহত ৰাখিব৷

You might also like