নিয়মীয়া বাৰ্তা ৯ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ মাজেৰে বৈ যোৱা পাহাৰীয়া শিঙৰা নদীৰ বানে আজি পুনৰ অঞ্চলটোৰ বন্যার্তৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰে৷ যোৱা কেইদিনত অঞ্চলটোত বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছিল যদিও নদীখনৰ উৎপত্তিস্থল অৰুণাচল প্রদেশৰ লগতে জিলাখনত দি থকা নেৰানেপেৰা বৰষুণৰ পৰিপ্রেক্ষিতত পুনৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ নদীখনৰ বানে আজি অঞ্চলটোত জটিল পৰিস্থিতি সৃষ্টি কৰি পুনৰবাৰ বন্যার্তৰ মাজলৈ অন্ধকাৰ নমাই আনিলে৷ নাওবৈচা ৰাজহ চক্রৰ অন্তর্গত গোসাঁনীবাৰী, ১নং গেলাহাটী, ২নং গেলাহাটী, চেঙেলীজান, আহোমণি, বৰগঞা–গেন্ধালি, বৰপথাৰ, ৰৌদোং, টকৌগুৰি আদিকে ধৰি ২০খন গাঁৱৰ পাঁচ শতাধিক পৰিয়ালৰ ঘৰ–বাৰী বানে প্লাৱিত কৰিছে৷ শেহতীয়া বানত অঞ্চলটোৰ গোসাঁনীবাৰী গাঁৱৰ বহু পৰিয়াল ঘৰৰ ভিতৰত একাঁঠু পর্যন্ত পানী হোৱাত বিছনাৰ ওপৰত বাঁহৰ চাং সাজি কোনোমতে এসাঁজ খাই এসাঁজ লঘোনে থাকি জীৱন অতিবাহিত কৰিছে৷ ইফালে পহুমৰা–পকনীয়া সংযোগী গডকাপ্ঢানী পথৰ গেলাহাটী অঞ্চলত একঁকাল পর্যন্ত পানী হোৱাত পথটোৰে ইতিমধ্যে যাতায়াত বন্ধ হৈ পৰিছে৷ ২০–২৫ বছৰে নদীখনৰ ধাৰাবাহিক বানৰ কবলত পৰি অঞ্চলটোৰ ৰাইজে সীমাহীন দুখ–কষ্টেৰে জীৱন অতিবাহিত কৰি আহিছে যদিও আজিলৈকে কোনো এখন চৰকাৰে নদীখনৰ বান সমস্যাটো সমাধানৰ পদক্ষেপ লোৱা নাই৷ আজিৰ বানে অঞ্চলটোৰ বহু পুখুৰী ডুবাই পেলোৱাত মীনপালকসকলৰ মাজতো হাহাকাৰ অৱস্থা সৃষ্টি হৈছে৷ লগতে বানে তাণ্ডৱ চলোৱা গাঁওসমূহৰ বহু পৰিয়ালে খোৱাপানী আৰু এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে৷ জিলা প্রশাসনে এতিয়ালৈকে বানবিধ্বস্ত অঞ্চলটো পৰিদর্শন কৰাই নাই৷ বানত দিক্বিদিক হেৰুৱা বানপীডিত ৰাইজে জিলা প্রশাসনক পর্যাপ্ত খাদ্য–সামগ্রী যোগান ধৰিবলৈ আহ্বান জনাইছে৷