নিয়মীয়া বাৰ্তা ৯ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে চৰকাৰী নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা ভক্তৰ বাবে নিৰ্মাণ কাৰ্য চলি থকা ১২৬ ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ ৰূপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰয়ো মুকলি হ’ল ।ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপেক্ষিতত অন্যান্য মঠ- মন্দিৰৰ লগতে মহামৃত্যুঞ্জয় মন্দিৰৰো প্ৰবেশ দ্বাৰ ভক্ত সকলৰ বাবে বন্ধ কৰি দিছিল। দীৰ্ঘ বিৰতিৰ অন্তত সোমবাৰে সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা মানি নগাঁৱৰ পুৰণিগুদাম ভেৰভেৰীত থকা মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ ৰাইজৰ বাবে মুকলি কৰি দিছে ।আনহাতে নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ২০১০ চনতে বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ১২৬ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষতে সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে ।বৰ্তমান অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ জিতু গোস্বামীয়ে মন্দিৰৰ নিৰ্মাণ কাৰ্যত উঠি পৰি লাগিছে ।প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে চাৰিখনকৈ দুৱাৰ থাকিব লগা সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ ভাগৰ ভিতৰত একলগে ৪ হাজাৰ ভক্তই অৱগাহন কৰাৰ লগতে বহিঃ অংশত ১০ হাজাৰ ভক্তই একেলগে পৰিক্ৰমা কৰিব পাৰিব বুলি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰবীণ গোস্বামীয়ে সম্পাদক মাধ্যমক জানিবলৈ দিছে ।আনহাতে মহামৃত্যুঞ্জয় নিৰ্মাণ সমিতিৰ নব নিযুক্ত অধ্যক্ষ তথা অসমৰ বিত্ত,স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অহা ডিচেম্বৰ মাহত নৰসিংহ ক্ষেত্ৰত থকা নৱ নিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰ ভাগ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে অহা ডিচেম্বৰ মাহৰ ২৯ তাৰিখৰ পৰা ৪ জানুৱাৰী তাৰিখলৈ ১০৮ কুণ্ডৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞৰে শুভ উদ্বোধন সমাৰোহ অনুষ্ঠিত কৰিব ।এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ আগমনৰ খবৰ পাই বৃহত্তৰ পুৰণিগুদাম অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ।ইয়াৰোপৰি মন্দিৰ সমিতিয়ে যুদ্ধকালীন প্ৰস্তুতিৰে মন্দিৰ নিৰ্মাণৰ লগতে অন্যান্য কাম-কাজ অব্যাহত ৰাখিছে ।এই মন্দিৰ শুভাৰম্ভ হোৱাৰ পিছতে দেশী বিদেশী পৰ্যটক ,ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব।যাৰ পৰিপ্ৰেক্ষিতত পুৰণিগুদাম ভেৰভেৰী নৰসিংহ ক্ষেত্ৰক কেন্দ্ৰ কৰি বহু লোক পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে সংস্থাপিত হব পৰিব।উল্লেখ যে মহাত তাপস মৃত্যুঞ্জই সাধক আচাৰ্য ভৃগুগিৰি মহাৰাজৰৰ বলিষ্ঠ পৃষ্ঠপোষকতাত ২০০৩ চনত এই স্থানত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জই যজ্ঞ সম্পন্ন হৈছিল।ইয়াৰ পিছৰে পৰা অস্থায়ী মন্দিৰত পূজা অৰ্চনা হোৱাৰ লগতে প্ৰতি বছৰে মাঘী পূৰ্ণিমাত মহা মৃত্যুঞ্জই যজ্ঞ সম্পন্ন হৈ আহিছিল।