নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুঁৱা খান্দিবলৈ গৈ পিতা–পুত্রসহ ৪জনৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ১০ জুনঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম–ৰুণাচল সীমান্তৰ দোৰপাঙত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ অৰুণাচল প্রদেশৰ পাপুমপাৰে জিলাৰ দোৰপাং অঞ্চলৰ টেচি টানা নামৰ ব্যক্তিজনৰ ঘৰত কুঁৱা খান্দিবলৈ নামি অক্সিজেনৰ অভাৱত প্রথমে অচেতন হৈ ধপধপাবলৈ আৰম্ভ কৰি পৰৱর্তী সময়ত মৃত্যুমুখত পৰে চক্রু ৰাজু চাকমা নামৰ এজন শ্রমিক৷ ইয়াৰ পৰৱর্তে সময়ত উদ্ধাৰৰ বাবে তেওঁৰেই পুত্র অজয় চাকমা, মণিকুমাৰ দেউৰী আৰু ঘৰৰ মালিক টেচি টানাৰ পুত্র টেচি কজুম কুঁৱাৰ ভিতৰলৈ নামি যায় যদিও কেউজনৰেই থিতাতে মত্যু হয়৷ ঘৰৰ মালিকৰ পুত্রৰ লগতে তিনিজনকৈ শ্রমিকৰ আকস্মিক মৃত্যুৱে সমগ্র অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে চক্রু ৰাজু চাকমা আৰু অজয় চাকমা পিতা–পুত্র হোৱাৰ বিপৰীতে মণিকুমাৰ দেউৰী আৰু টেচি কজুম মোমাই–ভাগিন আছিল৷ ইতিমধ্যে দুই পিতা–পুত্র চক্রু ৰাজু চাকমা আৰু অজয় চাকমাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী দুজনৰ মৃতদেহ বর্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ পৰৱর্তী সময়ত অসম আৰু অৰুণাচল আৰক্ষীৰ লগতে অগ্ণিনির্বাপক বাহিনীৰ লোকে চলোৱা যুটীয়া অভিযানত বাকী দুজনক উদ্ধাৰৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ এই ঘটনাই সমগ্র অঞ্চলটোতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে৷

You might also like