নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ক’ৰোনা আক্রান্ত কর্কট ৰোগী আহিছিল বহুতৰে সংস্পর্শলৈ

নিয়মীয়া বাৰ্তা ১০ জুনঃ ক’ভিড–১৯ক লৈ ক্রমাৎ সংকটময় পৰিস্থিতিৰ দিশে অগ্রসৰ হৈছে শোণিতপুৰ জিলা৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এটি ৱার্ড কণ্টেইনমেণ্ট জ’ন এলেকা ঘোষণা কৰাৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ তিনিটাকৈ এলেকাও কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ কালি সেনাৰ বেচ্ হাস্পতালত কোৱাৰেণ্টাইন থকা দুজনৰ শৰীৰত ক’ৰোনা ভাইৰাছ চিনাক্ত হোৱাৰ পিছত নিশাৰ ভাগত বৃহত্তৰ তেজপুৰ চহৰত চাৰিজন লোক এই মহামাৰীত আক্রান্ত হোৱা ধৰা পৰে৷ বিশেষকৈ তেজপুৰ চহৰৰ ১৮নং ৱার্ডৰ বিশ্বজিৎ বৰা পথত ভাৰাতীয়া হিচাপে থকা বুবুল ডেকা কালি সন্ধিয়া ক’ভিড–১৯ত আক্রান্ত বুলি চিনাক্ত হোৱাৰ পিছতেই বৃহত্তৰ অঞ্চলটোত হুৱাদুৱা লগাৰ সমান্তৰালভাৱে প্রশাসনৰো তৎপৰতা বৃদ্ধি পায়৷ কিয়নো বুবুল ডেকাই বিগত দিনকেইটাত চহৰখনৰ বিভিন্ন প্রান্তত কৰা চলন–ফুৰণ আৰু গতিবিধিয়ে চিন্তিত কৰি দিছে সংশ্লিষ্ট বিভাগক৷

উল্লেখ্য যে কর্কট ৰোগী বুবুল ডেকাই নিয়মীয়াকৈ কেম’থেৰাপী চিকিৎসা গ্রহণ কৰি আহিছিল গুৱাহাটী বি বৰুৱা কর্কট হাস্পতালৰ৷ উক্ত চিকিৎসালয়খনৰ পৰা কেম’থেৰাপী লৈ যোৱা ২৮ মে’ বিয়লি গুৱাহাটীস্থিত আই এছ বি টিৰ পৰা বাছযোগে তেজপুৰলৈ ডভতি আহিছিল বুবুল ডেকা৷ মন কৰিবলগীয়া যে এ এছ–২০–১৫৫১ নম্বৰৰ বাছখনত তেজপুৰলৈ আহি থকাৰ সময়তে বুবুল ডেকাই ফেচবুকত প’ষ্ট কৰিছিল এক গুৰুত্বপূর্ণ বিষয়৷ ফেচবুকত বুবুল ডেকাই বাছখনত কোৱাৰেণ্টাইনৰ ছীল থকা ১২জনকৈ লোক থকা বুলি উল্লেখ কৰাৰ লগতে উদ্বেগ প্রকাশ কৰিছিল৷ অৱশেষত আশংকা কৰাৰ দৰেই ক’ভিড–১৯ত আক্রান্ত হ’ল বুবুল ডেকা৷ ঘটনাক্রমে সংগ্রহ কৰা ছোৱাবৰ পৰীক্ষাৰ ফলাফলত কালি নিশা বুবুল ডেকা ক’ভিড–১৯ত আক্রান্ত বুলি চিনাক্ত হয়৷ কিন্তু কালি পুনৰ গুৱাহাটীলৈ চিকিৎসাৰ বাবে ‘প্রসেনজিৎ’ নামৰ বাছখনেৰে গৈ থকা অৱস্থাত বুবুল ডেকাক যোৰাবাটত গুৱাহাটীৰ পৰা অহা স্বাস্থ্য বিভাগৰ এটি দলে বাছখনৰ পৰা নমাই নিজৰ জিম্মালৈ লৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰে৷ বুবুল ডেকা ক’ৰোনাত আক্রান্ত হোৱাৰ বাতৰি ৰাষ্ট্র হৈ পৰাৰ লগে লগে তেজপুৰ কমাৰ চুবুৰি বিশ্বজিৎ বৰা পথ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে কালি নিশাৰ ভাগতে প্রশাসনে তৎপৰতাৰে গ্রহণ কৰে কেতবোৰ যাৱতীয় ব্যৱস্থা৷ উল্লেখ্য যে তেজপুৰৰ আস্থা নামৰ কম্পিডটাৰ সম্পক্য় এটি ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মচাৰী বুবুল ডেকাই বিগত দিনকেইটাত বিভিন্ন স্থানত বজাৰ–সমাৰ কৰাৰ লগতে চৰকাৰী–বেচৰকাৰী কেইবাটাও কার্যালয়ত কম্পিডটাৰৰ কাম–কাজ কৰিবলৈ গৈছিল৷ ইয়াকে লৈ এতিয়া অনুসন্ধানসহ বিহিত ব্যৱস্থা অব্যাহত ৰাখিছে সংশ্লিষ্ট বিভাগে৷ আনহাতে তেজপুৰ জয়মতী পথাৰৰ কাষত অৱস্থিত অগ্ণিগড বিদ্যাপীঠ শিক্ষানুষ্ঠাখনৰ নিচেই সমীপৰ চেনাৰাম খাউণ্ডৰ অট্টালিকাত ভাৰাতীয়া হিচাপে পত্নী আৰু সন্তানসহ বাস কৰিছিল বুবুল ডেকা৷ সেয়েহে ডক্ত বাসগৃহটো চাৰিওকাষ সামৰি প্রশাসনে কালি নিশাৰ পৰাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিয়ন্ত্রিত এলেকা হিচাপে ঘোষণা কৰাৰ লগতে সমগ্র এলেকাটো ছীল কৰি দিছে৷ নিয়ন্ত্রিত এলেকাটোত বসবাস কৰা ১৫৬গৰাকী লোকৰ প্রয়োজনীয় সা–সামগ্রী ফোনযোগে উপলব্ধ কৰাৰো ব্যৱস্থা কৰে প্রশাসনে৷ তেজপুৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তগর্ত বিন্দুুকুৰিৰ সৰু পক্ষীয়াঝাৰ এলেকাৰ বন্তি চাহুৰ লগতে পাঁচ বছৰ, ছমহীয়া আৰু সাত বছৰীয়া তিনিটা শিশুৰ দেহতো ক’ভিড–১৯ পোৱাৰ পিছত জিলাখনত এই ৰোগৰ অধিক সংক্রমণ ৰোধৰ হেতু সেই সমগ্র এলেকাটোকো তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিয়ন্ত্রিত এলেকা হিচাপে ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্র এলেকাটো ছীল কৰি দিছে প্রশাসনে৷ তদুপৰি ঢেকীয়াজুলি থানা অন্তর্গত হীৰাজুলি চাহ বাগিচাৰ খনাবাৰী শাখাৰ ২৭ বছৰীয়া ৰামু মুণ্ডা আৰু ২০ বছৰীয়া আশামণি মুণ্ডাৰ শৰীৰত এই ৰোগ ধৰা পৰাৰ পিছত জিলা প্রশাসনে এই এলেকাটো নিয়ন্ত্রিত এলেকা হিচাপে ঘোষণা কৰি ছীল কৰি দিছে৷ ডল্লেখ্য যে এই তিনিওটা নিয়ন্ত্রিত এলেকাৰ পাঁচ কিলোমিটাৰ ব্যাসার্ধ অঞ্চলসমূহো বাফাৰ জ’ন হিচপে ঘোষণা কৰা হৈছে৷ ঘোষিত এই নিয়ন্ত্রিত এলেকাত প্রশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্রৱেশ যান–বাহনৰ চলাচল সম্পূর্ণৰূপে নিষিদ্ধ কৰিছে৷ উল্লেখ্য যে এই বাতৰি যুগুতোৱা পৰলৈকে শোণিতপুৰ জিলাত ক’ভিড–১৯ ৰোগত আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ৪৪গৰাকীলৈ৷ ইপিনে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিচিন ৱার্ডত চিকিৎসাধীন অৱস্থাত থকা এগৰাকী মহিলা ৰোগীৰ দেহত আজি মহামাৰী ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত হুৱাদুৱা লাগে চিকিৎসা প্রতিষ্ঠানখনত৷ এই সম্পর্কত প্রাপ্ত তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্র’লজী বিভাগত পূর্বৰে পৰা চিকিৎসা গ্রহণ কৰি থকা নগাঁও জিলাৰ হাচনা বেগম নামৰ মহিলাগৰাকী মঙবাৰে পুৱাৰ ভাগত ভর্তি কৰোৱা হৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ কিন্তু মহিলাগৰাকীক ভর্তি কৰোৱাৰ কেইঘণ্টামানৰ পিছতে তেওঁ ক’ৰোনা পজিটিভ বুলি চিনাক্ত হয়৷ ইয়াকে লৈ হাহাকাৰ লাগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত৷ ইতিমধ্যে মহিলাগৰাকীৰ সংস্পর্শলৈ অহা চিকিৎসক, নার্ছ, ৱার্ডটোত চিকিৎসাধীন ৰোগী আৰু আন আন স্বাস্থ্য কম্ৰ ছোৱাব সংগ্রহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে মহিলা ছার্জিকেল ৱার্ড কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷

You might also like