নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষণ নথকা লোকে ক’ৰোনা সংক্ৰমণ ঘটাব পাৰে নে ?

নিয়মীয়া বাৰ্তা, ১০জুনঃ  বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) বৈজ্ঞানিকসকলে স্পষ্ট কৰিছে যে লক্ষণ নথকা অৰ্থাৎ এচিমপ্টমেটিক ক’ৰোনা ৰোগীসকলৰ পৰা এতিয়ালৈকে কিমান সংক্ৰমণ ঘটিছে, সেয়া স্পষ্ট হোৱা নাই ।
ডাক্তৰ মাৰিয়া ৱেন কেৰখোৱে সোমবাৰে কয় যে- “এনে বহুত কম হয় যে এচিমপ্টমেটিক লোকৰ পৰা ক’ৰোনা সংক্ৰমণ হয় !”
আনহাতে দেশত এতিয়ালৈকে পোৱা ক’ৰোনাৰ ঘটনাসমূহে এই কথাৰ ইংগিত বহন কৰে যে ক’ৰোনাৰ লক্ষণ থকা লোকৰ পৰা অধিক সংক্ৰমণ হয় । কিন্তু এই ৰোগ শৰীৰত প্ৰৱেশ কৰাৰ পূৰ্বেও আগলৈ সংক্ৰমণ ঘটাব পাৰে ।
লোকসকলৰ মাজত লক্ষণ দেখা পোৱাৰ ২-৩ দিন পূৰ্বে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ঘটে । কেতিয়াবা লক্ষণ দেখা দিয়াৰ ১ দিন পূৰ্বৰে পৰায়ে এই ভাইৰাছ আন এজন লোকৰ দেহলৈ সংক্ৰমণ ঘটিব পাৰে ।
You might also like