নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ লেবৰেটৰী টেকনিছিয়ানৰ দেহত ক’ভিড-১৯ পজিটিভ

অঞ্চলজুৰী তীব্ৰ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১১ জুনঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লেবৰেটৰি টেকনিচিয়ান হিচাপে কৰ্মৰত দক্ষিণ কামৰূপৰ ছয়গাঁও মাজমজিয়াৰ যুৱক জিতু কুমাৰ সাউদৰ দেহত ধৰা পৰিল ক’ভিড-১৯ পজিটিভ । উল্লেখ্য দীৰ্ঘদিন ধৰি জি এম চি এইচত কৰ্ম সম্পাদন কৰি ৯ জুনৰ দিনা ঘৰলৈ উভতিছিল । অৱশেষত কালি পৰীক্ষা নিৰিক্ষ‍াৰ অন্তত তেওঁৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰাত হোম কোৱাৰেন্টিনত থকাৰ পৰাই যোৱা নিশা কামৰূপ জিলা উপায়ুক্তৰ উপস্হিতিত চিকিৎসকৰ দলে জি এম চি এইচলৈ লৈ যোৱা হয় । আনহাতে, আজি সমগ্ৰ অঞ্চলটো ছেনিটাইজৰ ব্যৱস্থা কৰি তেওঁৰ সংস্পৰ্শলৈ অহা ১৮ গৰাকী ব্যক্তিৰ স্বাব সংগ্ৰহ কৰে । উক্ত অঞ্চলটো কন্টেইনমেইন্ট জ’ন হিচাপে ঘোষণা কৰাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ছয়গাঁৱত ।

You might also like