কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলৰ জৰিয়তে সমাজলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিঃ মুখ্যমন্ত্ৰী সোণোৱাল
নিয়মীয়া বাৰ্তা, ১১জুনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শোণিতপুৰৰ ‘ভৰলী পৰীয়া কন্যকা বহুমুখী পাম’ত উপস্থিত হৈ পামখন পৰিদৰ্শন কৰে।
লগতে মুখ্যমন্ত্ৰীয়ে ১০ টা স্থানীয় আত্মসহায়ক গোটৰ মাজত পামখনত উৎপাদিত মাছৰ পোনা বিতৰণ কৰাৰ লগতে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত এটা আত্মসহায়ক গোটক এখন ট্ৰেক্টৰ প্ৰদান কৰে। তদুপৰি, তেখেতে এটা গোশালা আৰু দুটা জলসিঞ্চন প্ৰকল্পও উদ্বোধন কৰে।
