এতিয়াও চূড়ান্ত হোৱা নাই দিন, প্রস্তুত হোৱা নাই গাইডলাইনো
নিয়মীয়া বাৰ্তা ১২ জুনঃ ৰাজ্যখনৰ দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বিদ্যালয়ৰ পাঠদান কেতিয়াকৈ আৰম্ভ হ’ব, সেয়া এতিয়াও স্থিৰ কৰা নাই শিক্ষা বিভাগে৷ আনকি এই সম্পর্কত বিভাগৰ গাইড লাইনো এতিয়ালৈ চূড়ান্ত হোৱা নাই৷ উল্লেখ্য যে ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত যোৱা মার্চ মাহৰ মাজভাগৰ পৰাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰে৷ যোৱা সময়ছোৱাত অনলাইন ব্যৱস্থাৰে পাঠদান চলাই ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হয়৷ কিন্তু সেই ব্যৱস্থাৰে এশ শতাংশ শৈক্ষিক ক্ষতিপূৰণ কৰাটো যিহেতু সম্ভৱ নহয়, সেই দিশটোলৈ চাই ৰাজ্যৰ শিক্ষা বিভাগে পর্যায়ক্রমে বিদ্যালয়ত পাঠদান প্রক্রিয়া আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছে৷
প্রথম পর্যায়ত দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদানৰ পৰিকল্পনা যুগুতায়৷ যোৱা ৭ মে’ত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলৰ জৰিয়তে সেই পৰিকল্পনাৰ বিষয়ে সদৰী কৰি কয় যে সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সেই দুটা শ্রেণীৰ ছাত্র–ছাত্রীসকলে নিজ নিজ শিক্ষানুষ্ঠানৰ পৰিৱর্তে ঘৰৰ ওচৰতে থকা আন শিক্ষানুষ্ঠানতো পাঠদানত অংশগ্রহণ কৰিব পাৰিব৷ শিক্ষকসকলৰ ক্ষেত্রতো একেই ব্যৱস্থা কার্যকৰী হ’ব৷
লকডাউনৰ বাবে গুৱাহাটীত অধ্যয়নৰত কোনো ছাত্র ডিব্রুগড়ৰ ঘৰত গৈ আবদ্ধ হৈ আছে৷ সেই ছাত্রজনে ঘৰৰ কাষতে আন বিদ্যালয়লৈ গৈ এই ব্যৱস্থাৰ মাধ্যমেৰে শিক্ষাগ্রহণ কৰিব পাৰিব৷ ৰাজ্যৰ শিক্ষা বিভাগৰ এই বাস্তৱ পৰিকল্পনাৰ বিষয়ে যোৱা ৮ জুনত মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ সচিবৰ সৈতে ৰাজ্যৰ শিক্ষা সচিবৰ ভিডি’ কনফাৰেঞ্চতো অসমৰ শিক্ষা বিভাগে অৱগত কৰে৷ সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি এনেদৰে দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান চলোৱাৰ বিপৰীতে ষষ্ঠ শ্রেণীৰ পৰা নৱম শ্রেণীলৈ সপ্তাহত দুদিনকৈ পাঠদান কৰাৰো পৰামর্শ আগবঢ়ায়৷ ইপিনে, মাধ্যমিক শিক্ষা সঞ্চালক ফণীন্দ্র জিদুঙে জানিবলৈ দিয়া মতে, দশম আৰু দ্বাদশ শ্রেণীৰ কেতিয়াকৈ পাঠদান আৰম্ভ কৰা হ’ব, সেই বিষয়ত তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই৷ এই বিষয়ত গাইড লাইনো চূড়ান্ত হ’বলৈ বাকী আছে৷
তদুপৰি মানৱ সম্পদ মন্ত্রালয়ে শিক্ষানুষ্ঠানত পাঠদান কেতিয়ালৈকে আৰম্ভ গ’ব, সেই সম্পর্কত সিদ্ধান্ত গ্রহণৰ কর্তৃত্ব ৰাজ্যসমূহক দিয়া নাই৷ ৰাজ্য চৰকাৰক কর্তৃত্ব অর্পণ কৰিলে ৰাজ্যৰ শিক্ষামন্ত্রীয়ে ইতিমধ্যে সংবাদ মেলযোগে প্রকাশ কৰা বিষয়সমূহ কার্যকৰী কৰা হ’ব৷ বর্তমান ৰাজ্যৰ শিক্ষা বিভাগে একাদশ শ্রেণীত ছাত্র–ছাত্রীৰ নামভর্তিৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ অহা ১৫ জুনৰ পৰা শিক্ষানুষ্ঠানসমূহৰ অনলাইন পঞ্জীয়ন আৰম্ভ হ’ব৷ ছেবাৰ ৱেবছাইটত সেয়া উপলব্ধ হ’ব৷ তাৰ পাছত অহা ২০ জুনৰ পৰা ৩০ জুনলৈ ছাত্র–ছাত্রীসকলে সম্পূর্ণ বিনামূলীয়াকৈ অনলাইনযোগে আবেদন কৰিব পাৰিব৷ ১ জুলাইত অনলাইনত নামভর্তিৰ তালিকা প্রকাশ পাব৷