দীপৰ বিলত ফেঁচা উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১২ জুনঃ অনিষ্টকাৰী পোক–পতংগ খাই নীৰৱে কৃষক ৰাইজৰ সেৱা আগবঢ়াই অহা ফেঁচাৰ সংখ্যা দ্রুতগতিত হ্রাস পাই অহাৰ সময়তে দীপৰ বিলৰ পাৰত ৰে’লৰ খুন্দাত এটা ফেঁচা আহত হোৱা ঘটনাই প্রকৃতিপ্রেমীসকলক ব্যথিত কৰি তুলিছে৷
প্রাপ্ত তথ্য মতে, চকর্দো, ছাটাৰগাঁৱৰ প্রকৃতিপ্রেমী যুৱক ক্রমে অজয় ৰাভা, জিতেন টেৰণ, বিকাশ ইংতি, মনোজ ৰাভা আৰু চন্দন ৰাভাই কালি বিয়লি দীপৰ বিলৰ পাৰত কেমেৰাৰে ৰং–বিৰঙৰ পখিলাৰ ফটো তুলি আছিল৷ তেনে সময়তে কামাখ্যা–যোগীঘোপা সংযোগী ৰে’লপথেৰে অহা এখন মালবাহী ৰে’লৰ খুন্দাত এটা ফেঁচা আহত হৈ চিটিকি পৰা প্রত্যক্ষ কৰে৷ পাছত তেওঁলোকে ফেঁচাটোক দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্য কার্যালয়ক গতাই দিয়ে৷