গণসংক্রমণৰ পৰা গুৱাহাটীক সুৰক্ষিত কৰি ৰাখিবই লাগিব
চাওঁতে চাওঁতে অসমত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই তিনি হাজাৰৰ ঘৰ অতিক্রম কৰিলে৷ এই মুহূর্তত ৰাজ্যখনত এনে এখন জিলা নাই, যিখন জিলাত এজনো ক’ভিড–১৯ত আক্রান্ত লোক নাই৷ তৎসত্ত্বেও কিছুদিন আগলৈকে ই ভয়ংকৰভাৱে উদ্বেগৰ কাৰণ হৈ উঠা নাছিল৷ কিয়নো, সংক্রমিত লোকৰ প্রায় ৯৫ শতাংশ লোক কোৱাৰেণ্টাইন কেন্দ্রত আবদ্ধ হৈ আছিল৷ ভাইৰাছটো বাহিৰলৈ ওলাই যাবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ উৎসৰ সন্ধান নোপোৱাকৈ বা নোলোৱাকৈ ভাইৰাছবিধত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত তেৰজন আক্রান্ত লোকৰ ড্রেভেল হিষ্টৰী ওলোৱা নাই৷ অর্থাৎ তেওঁলোক কাৰ সংস্পর্শলৈ আহি কভিড–১৯ত আক্রান্ত হৈছে, তাৰ তথ্য ওলোৱা নাই৷ ক’ভিড–১৯ৰ সংক্রমণৰ ক্ষেত্রত এইটো সবাতোকৈ ভয়াৱহ দিশ৷ ইয়ে বিশ্বৰ বহু দেশলৈ ভয়ংকৰ বিপর্যয় নমাই আনিছে৷ অর্থাৎ চৰকাৰ নতুবা সংশ্লিষ্ট বিভাগৰ অগোচৰে কোনোৱে অথবা ব্যক্তি সমষ্টিয়ে গুৱাহাটীত মাৰাত্মক ভাইৰাছটো শৰীৰত কঢ়িয়াই ফুৰিছে৷ তেওঁলোকৰ জৰিয়তে মহানগৰত এজনৰ পিছত এজনকৈ লোক সংক্রমিত হৈ গৈ আছে৷ এই ধাৰাবাহিকতা অব্যাহত থাকিলে গুৱাহাটীত কম সময়ৰ ভিতৰতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণৰ বাহিৰলৈ গুচি যাব পাৰে৷ এনে সংক্রমণে ইটালী, স্পেইন, আমেৰিকা, ৰাছিয়াসহ কেইখনমান দেশত কি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া সকলোৰে অৱগত৷ বিষয়টোক লৈ ইতিমধ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ জৰিয়তে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ তেওঁ গুৱাহাটী মহানগৰীৰ শেহতীয়া আক্রান্ত তেৰজন লোকৰ ক্ষেত্রত চিন্তা ব্যক্ত কৰি কৈছে যে গুৱাহাটী মহানগৰীৰ সামাজিক সংক্রমণৰ বিষয়টো উদ্বিগ্ণতাৰ কাৰণ হৈ পৰিছে৷ বিশেষকৈ ১৩জন লোকৰ সংক্রমণৰ উৎস স্পষ্ট হোৱা নাই৷ লক্ষণীয় কথাটো হ’ল, এই সংক্রমিত লোকসকল এঠাইৰ নহয়৷ তাৰে কোনোবা যদি পাণ্বজাৰৰ, কোনোবাজন বিষ্ণুপুৰ–ফটাশিলৰ৷ উৎসৰ ঠিকনাবিহীন আক্রান্ত লোক আন অংশতো ওলাইছে৷ ইয়াৰ পৰা এটা কথা অনুমান কৰি লোৱাত অসুবিধা নহয় যে গুৱাহাটীত একাধিক লোকে মহামাৰী ভাইৰাছটো কঢ়িয়াই লৈ ফুৰিছে৷ এইটো এটা অঞ্চল বা এখন ঠাইৰ বাবে সঁচা অর্থত বিপজ্জনক কথা৷ চৰকাৰে সেই অজ্ঞাত উৎসক সোনকালে পোহৰলৈ আনিব নোৱাৰিলে গুৱাহাটী মহানগৰ গণসংক্রমণৰ গ্রাসত পৰিব৷ ইয়ে মহানগৰীক কোন দিশে লৈ যায়, ঠিক নাই৷ অকল গুৱাহাটীয়েই নহয়, ইয়াৰ ভয়ানক প্রভাৱ ৰাজ্যখনৰ আন অংশতো পৰিব পাৰে৷ ভাইৰাছটোক এটা নির্দিষ্ট ভৌগোলিক পৰিসীমাত বান্ধি ৰাখিব নোৱাৰি৷ সুযোগ পালেই ই দশোদিশে বিয়পিব৷ সংক্রমণৰ জালখন সম্প্রসাৰণ কৰি গৈ থাকিব৷
এই মুহূর্তত মহানগৰবাসীৰ বাবে সবাতোকৈ প্রয়োজন সামাজিক দূৰত্বৰ বিধি মানি চলা৷ আনলক–১ চলি থাকিলেও অপ্রয়োজনত ঘৰৰ পৰা বাহিৰ নোলোৱা, যাৰে–তাৰে পৰা সামগ্রী ক্রয় নকৰা৷ যথাসম্ভৱ ৰাজহুৱা পৰিবহণ সেৱা বর্জন কৰাই যুগুত৷ যদি চিটীবাছকে ধৰি তেনে ধৰণৰ সেৱা ব্যৱহাৰ কৰিবলগীয়া হয়, সেই সেৱাত ক’ৰোনা সংক্রমণ ৰোধৰ বিধি অনুসৰণ কৰা হৈছেনে নাই, সেইটো নিশ্চিত হৈ ল’ব লাগিব৷ আজিৰ তাৰিখত ক’ভিড–১৯ৰ পৰা নিজকে আৰু দহজনক সুৰক্ষিত কৰি ৰখাত বিকল্প তেনেই সীমিত৷ দৰব নাই, ভেকচিন নাই৷ নিজেই নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰি লাগিব৷ চৰকাৰে এইক্ষেত্রত সময়ে সময়ে পৰামর্শাৱলী জাৰি কৰি থাকে৷ সেইবোৰৰ অনুসৰণ অতি জৰুৰী৷ মুঠতে গুৱাহাটীক গণসংক্রমণৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে যদি দুটা পদক্ষেপ লয়, নাগৰিক হিচাপে চাৰিটা পদক্ষেপ ল’ব লাগিব৷ পৃথিৱীৰ বুকুৰ পৰা ক’ৰোনাক বিদায় দিব পৰাকৈ দিনটো যিদিনা আহিব, তাৰ পিছতহে হয়তো বিশ্ববাসীয়ে স্বস্তিৰে উশাহ ল’ব পাৰিব৷ তেতিয়ালৈকে সাৱধানতা–সতর্কতা দায়বদ্ধতাৰ জৰিয়তে আমি সকলোৱে ভাইৰাছবিধ বিৰুদ্ধে যুঁজি যাব লাগিব৷ গুৱাহাটীক গণসংক্রমণৰ পৰা সুৰক্ষিত ৰাখিলে মহানগৰীত বসবাস কৰা লাখ লাখ লোক সুৰক্ষিত হৈ থাকিব৷ লগতে সুৰক্ষিত হৈ থাকিব অসমখন৷