ভাৰতীয় ক্রিকেট দলৰ শ্রীলংকা ভ্রমণ বাতিল
নিয়মীয়া বাৰ্তা ১২ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে আকৌ এটা বাতিল হ’ল ক্রিকেট শৃংখলা৷ এই ক’ৰোনা ভাইৰাছৰ বাবে বাতিল হ’ল বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ আগন্তুক শ্রীলংকা ভ্রমণ৷ পূর্ব নির্ধাৰিত সূচীমতে টীম ইণ্ডিয়াই জুন–জুলাইত এদিনীয়া আৰু টি–২০ শৃংখলাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে শ্রীলংকা ভ্রমণ কৰাৰ কথা আছিল যদিও সম্প্রতি দুয়োখন দেশত দেখা দিয়া ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি এই শৃংখলাটো স্থগিত ৰখাৰ সিদ্ধান্ত লয় ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড আৰু শ্রীলংকা ক্রিকেট ব’র্ডে৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা সন্দর্ভত দুয়োখন দেশৰ ক্রিকেট ব’র্ডে টেলিফোনেৰে বার্তালাপ কৰে আৰু বিচিচিআয়ে টীম ইণ্ডিয়াৰ শ্রীলংকা ভ্রমণটো স্থগিত ৰখাৰ বাবে শ্রীলংকান ক্রিকেট ব’ডক সৈমান কৰিবলৈ সক্ষম হয় বুলি বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমলে কয়৷ অৱশ্যে পৰৱর্তী সময়ত পৰিস্থিতি সাপেক্ষে টীম ইণ্ডিয়াই শ্রীলংকা ভ্রমণ কৰিব বুলি আশাবাদী শ্রীলংকান ক্রিকেট ব’ৰ্ড৷