নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ বন্দুকধাৰীৰ নিয়ন্ত্রণত আমেৰিকাৰ ছিয়াটল

নিয়মীয়া বাৰ্তা, ১২জুনঃ জর্জ ফ্লয়ডৰ হত্যাক লৈ বিক্ষোভৰ জুইত আমেৰিকা জ্বলি থকাৰ সময়তে দেশখনৰ ছিয়াটল মহানগৰৰ কেইবাটাও স্থানত সশস্ত্র বিদ্রোহীয়ে অৱস্থান গ্রহণ কৰিছে৷ হাতত অত্যাধুনিক মাৰণাস্ত্র লৈ এক আৰক্ষী থানাকে ধৰি ছিয়াটল চহৰৰ গুৰুত্বপূর্ণ অঞ্চল নিজৰ নিয়ন্ত্রণলৈ আনিছে তিনি শতাধিক বিদ্রোহীয়ে৷ উল্লেখনীয় যে ফ্লয়ড হত্যাৰ প্রতিবাদত সমগ্র আমেৰিকাতে এইবাৰ বিক্ষোভকাৰীয়ে জংগী ৰূপ ধাৰণ কৰিছে৷ আনকি বহু বাহন জ্বলাই দিছে বিক্ষুব্ধ প্রতিবাদকাৰীয়ে৷ শেহতীয়াকৈ ছিয়াটল চহৰত এনেদৰে ৩০০ সশস্ত্র বিদ্রোহীয়ে চহৰখনৰ মূল প্রেক্ষাগৃহ আৰক্ষী থানা আৰু কেইবাটাও গুৰুত্বপূর্ণ অঞ্চল নিজৰ নিয়ন্ত্রণলৈ অনাৰ লগে লগে ৰাষ্ট্রপতি ট্রাম্পে চহৰখনৰ মেয়ৰ জেনী ডাৰকেন আৰু ৱাশ্বিংটনৰ গৱর্নৰ জয় ইনছলীক কঠোৰ সমালোচনা কৰিছে৷ প্রতিবাদকাৰীয়ে এয়া কেনেধৰণৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে বুলি ট্রাম্পে মেয়ৰ আৰু গৱর্নৰক কটাক্ষ কৰাৰ উপৰি শীঘ্রে ‘সন্ত্রাসবাদী’ৰ হাতৰ পৰা ছিয়াটলক মুক্ত কৰিবলৈ দাবী জনাইছে৷ ড’নাল্ড ট্রাম্পে এই অত্যাধুনিক মাৰণাস্ত্রৰে সজ্জিত বিদ্রোহীক ঘৰুৱা সন্ত্রাসবাদী আৰু জঘন্য নৈৰাজ্যবাদী বুলি অভিহিত কৰিছে৷ ইতিমধ্যে ছিয়াটল চহৰৰ এই ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প এক অসহায় শীর্ষনেতাত পৰিণত হৈছে৷ লক্ষণীয়ভাৱে এইবাৰ কৃষ্ণাংগ হত্যাৰ বিৰুদ্ধে সংগঠিত প্রতিবাদত কেইবাখনো মার্কিন প্রদেশৰ গৱর্নৰ তথা বহুকেইখন চহৰৰ মেয়ৰে মুকলি সমর্থন জনোৱা দেখা গৈছে।

You might also like