অষ্ট্রেলিয়াত কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব টীম ইণ্ডিয়াঃ দ্রাবিড়
নিয়মীয়া বাৰ্তা ১২ জুনঃ টীম ইণ্ডিয়াই আগন্তুক অষ্ট্রেলিয়া ভ্রমণত ঘৰুৱা দলটোৰ পৰা কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ –এই মন্তব্য টীম ইণ্ডিয়াৰ প্রাক্তন মহান বেটছমেন ৰাহুল দ্রাবিড়ৰ৷ তাৰকা বেটছমেন ষ্টিভেন স্মিথ আৰু বিস্ফোৰক অ’পেনাৰ ডেভিদ ৱার্নাৰৰ উপস্থিতিত অষ্ট্রেলিয়া দলটো অধিক শক্তিশালী হৈ উঠিব আৰু ঘৰুৱা দলটোৱে খেলিবলগীয়া চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই কঠিন প্রত্যাহ্বান পোৱাটো নিশ্চিত বুলি উল্লেখ কৰি ৰাহুল দ্রাবিড়ে কয় যে ২০১৮–১৯ বর্ষত স্মিথ আৰু ৱার্নাৰৰ অনুপস্থিতিত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু এইবাৰ এই দুইগৰাকী তাৰকা খেলুৱৈৰ উপস্থিতিত ভাৰতীয় দলটোৰ বাবে শৃংখলাটো সহজ নহ’ব৷ স্মিথ আৰু ৱার্নাৰৰ উপস্থিতিয়ে অষ্ট্রেলিয়া দলটোৰ খেলুৱৈসকলৰ মনোবল অধিক বৃদ্ধি কৰি তুলিব আৰু দলৰ বিপর্যয়ৰ সময়ত স্মিথ আৰু ৱার্নাৰে সদায়েই দলটোৰ গুৰু দায়িত্ব বহন কৰি আহিছে৷ অৱশ্যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰো প্রত্যাহ্বান জনোৱাৰ সামর্থ্য আছে বুলি উল্লেখ কৰে দ্য ৱাল খ্যাত ৰাহুল দ্রাবিড়ে৷ ইপিনে, ক’ৰোনা ভাইৰাছৰ প্রভাৱ ক্রিকেটত বাৰুকৈয়ে পৰা বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে যেতিয়ালৈকে ক’ৰোনাৰ ভেকচিন আৱিষ্কাৰ নহয়, তেতিয়ালৈকে ক্রিকেট অন্য ধৰণে খেলি যাব লাগিব৷ বিশ্বৰ পৰা ক’ৰোনা ভাইৰাছ নাইকিয়া হ’বলৈ যথেষ্ট সময় লাগিব৷ কিন্তু এদিন এনেকুৱা এটা দিন আহিব যে আমি ক’ৰোনা ভাইৰাছক জয় কৰিব পাৰিম৷ যেতিয়ালৈকে ক’ৰোনাৰ আতংক নকমে, তেতিয়ালৈকে ক্রিকেট নতুন নীতি–নিয়মৰ মাজেৰে খেলি যাব লাগিব বুলি দ্রাবিড়ে ব্যক্ত কৰে৷ উল্লেখ্য যে চাৰিখন টেষ্টত অংশ লোৱাৰ উদ্দেশ্যে টীম ইণ্ডিয়াই ডিচেম্বৰত অষ্ট্রেলিয়া ভ্রমণ কৰিব৷