নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত নীৰৱ মোদীৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১২জুনঃ ব্রিটেইনৰ কাৰাগাৰত বন্দী হৈ থকা ভাৰতৰ পলাতক তথা পঞ্জাব নেচনেল বেংকৰ ধন জালিয়াতিৰে লুণ্ঠন কৰা নীৰৱ মোদীক পুনৰ ৯ জুলাইলৈ ন্যায়িক জিম্মাত ৰখাৰ সিদ্ধান্ত লৈছে আদালতে৷ যোৱা মার্চ মাহত লণ্ডনত গ্রেপ্তাৰ কৰা মোদীক ৱাণ্ডছৱর্থ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷ আজি ভিডি’ লিংকৰ জৰিয়তে নীৰৱ মোদীৰ গোচৰৰ শুনানি গ্রহণ কৰে ৱেষ্টমিনিষ্টাৰ দণ্ডাধীশৰ আদালতে৷ লণ্ডনৰ এই আদালতখনে পলাতক হীৰা ব্যৱসায়ী মোদীক পুনৰ ৯ জুলাইলৈ ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দিছে৷ স্মর্তব্য যে পঞ্জাব নেচনেল বেংকৰ জালিয়াতি আৰু অবৈধ ধনৰ লেনদেনৰ গোচৰ তৰা হৈছিল নীৰৱ মোদীৰ বিৰুদ্ধে৷ উল্লেখনীয় যে ৭ ছেপ্ঢেম্বৰত ভাৰতলৈ প্রত্যর্পণ সন্দর্ভত মোদীৰ গোচৰৰ শুনানি গ্রহণ কৰিব লণ্ডনৰ আদালতখনে৷ জিলা দণ্ডাধীশ ছেমুৱেল গুজিয়ে আজি মোদীৰ গোচৰটোৰ শুনানি গ্রহণ কৰে৷ স্মর্তব্য যে পঞ্জাব নেচনেল বেংকত বৃহৎ অংকৰ ধনৰাশি জালিয়াতিৰে আত্মসাৎ কৰি মোদী আৰু মেহুল ছ’স্কিয়ে ভাৰতৰ পৰা পলায়ন কৰিছে৷ বর্তমান মোদী লণ্ডনত বন্দী হৈ থকাৰ বিপৰীতে মেহুল ছ’স্কিয়ে এণ্টিগুৱাৰ নাগৰিকত্ব লৈ দেশখনত আত্মগোপন কৰি আছে৷

You might also like