নিয়মীয়া বাৰ্তা, ১২ জুনঃ এদিনতে সৰ্বাধিক ১০,৯৫৬ হাজাৰ ক’ভিড আক্ৰান্ত চিনাক্তকৰণেৰে ভাৰতে ৰচিলে অভিলেখ । শুকুৰবাৰে পুৱা ৮ বজালৈ ২৪ ঘণ্টাৰ ভিতৰত ১০,০০০ৰ সীমা প্ৰথমবাৰৰ বাবে পাৰ কৰে ভাৰতে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতে ব্ৰিটেইনক অতিক্ৰমি বৰ্তমান চতুৰ্থ স্থানলৈ গমন কৰিছে। ইটালী, স্পেইনক অতিক্ৰম কৰাৰ পিছত এতিয়া ব্ৰিটেইনকো চেৰ পেলালে ভাৰতে।
দেশখনত অতি ভয়াৱহ ৰূপত বাঢ়ি গৈ আছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা। আনহাতে শুকুৰবাৰলৈ এদিনত সৰ্বাধিক ৩৯৬গৰাকী মৃত্যুমুখত পৰা বুলি গৃহ মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ। ইয়াৰে ১৫২গৰাকী মহাৰাষ্ট্ৰ, ১০১গৰাকী দিল্লী, ৩৮গৰাকী গুজৰাট, ২৪গৰাকী উত্তৰ প্ৰদেশ, ২৩গৰাকী তামিলনাডু, ১২গৰাকী হাৰিয়ানা, ১০গৰাকী পশ্চিমবংগ, ৯ গৰাকী তেলেংগানা, ৬গৰাকী ৰাজস্থানৰ লগতে মধ্যপ্ৰদেশ-পাঞ্জাবৰ ৪গৰাকী, বিহাৰ-কৰ্ণাটকৰ ৩গৰাকী, অসম-অন্ধ্ৰপ্ৰদেশ-পডুচেৰীৰ ২গৰাকী আৰু জম্মু-কাশ্মীৰৰ এগৰাকী বুলি জানিব পৰা গৈছে।
বৰ্তমান ভাৰতত ২,৯৮,২৮৩ গৰাকী ক’ভিড-১৯ আক্ৰান্তৰ লগতে মুঠ ৮,৫০১গৰাকী লোক মৃত্যুমুখত পৰিছে। ক’ভিড-১৯ত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্য়া ১,৪১,৮৪২গৰাকীৰ লগতে ১,৪৭,১৯৫ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এই পৰিসংখ্যা অনুসৰি ভাৰতত ৪৯.৪৭ শতাংশ ৰোগীয়েই ইতিমধ্যে আৰোগ্য লাভ কৰিছে।