ভাৰত-নেপাল সীমান্তত গুলীয়াগুলি; এজন ভাৰতীয়ৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১২ জুনঃ আজি বিহাৰৰ চিতামাঢ়িৰ সমীপত ভাৰত-নেপাল সীমান্তত হোৱা গুলীয়াগুলিত এজন ভাৰতীয় লোক নিহত হোৱাৰ লগতে ২ জন লোক আহত হয়। বিহাৰ জিলাৰ সশস্ত্ৰ সীমা বলৰ (SSB) আই জিয়ে এই ঘটনা সন্দৰ্ভত স্পষ্ট কৰে । ইপিনে স্থানীয় লোকসকলৰ মতে, নেপাল সীমান্তৰ পৰা এই গুলিবৰ্ষণ হৈছিল ।
Bihar: One dead, two injured in firing in Sitamarhi near India-Nepal border, confirms Sashastra Seema Bal IG of Bihar sector. Locals allege it was caused due to firing from Nepal side. pic.twitter.com/zr5YaJN9YE
— ANI (@ANI) June 12, 2020
জানিব পৰা মতে, জানকীনগৰ সীমান্তত নেপাল আৰক্ষীৰ ফালৰ পৰা গুলিবৰ্ষণ কৰা হৈছিল । য’ত খেতিপথাৰত কাম কৰি থকা এজন ভাৰতীয় লোক নিহত হয় আৰু ২ জন লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু খবৰ অনুসৰি, আহত দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, শেহতীয়াভাৱে সংঘাতত লিপ্ত নেপালে ভাৰতবিৰোধী কার্যত লিপ্ত হৈ তিনি ভূমিখণ্ড লিম্পিয়াধুৰা, কালাপানী আৰু লিপুলেখ পাছ সন্নিৱিষ্ট কৰি নতুন মানচিত্রত সাঙুৰি লোৱা বিষয়টো চৰ্চা চলি থকাৰ মাজতে আজি হোৱা এই গুলীয়াগুলিৰ প্ৰত্যুত্তৰ কিদৰে ভাৰতে দিয়ে সেয়া হ’ব পৰৱৰ্তি সময়ত লক্ষণীয় ।