অসম চতুৰ্থ দিনাও আতংক অব্যাহত বাঘজানত; আশ্ৰয় শিবিৰত গঞাৰ হৃদয়বিদাৰক বিননি By নিয়মীয়া বাৰ্তা On Jun 12, 2020 Share নিয়মীয়া বাৰ্তা ১২ জুনঃ তিনিচুকীয়াৰ বাঘজানস্থিত অইলৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ উত্তাপ এতিয়াও মাৰ যোৱা নাই । বৃহত্তৰ অঞ্চলটোত এতিয়াও আতংকিত হৈ আছে ৰাইজ ৷ এনে এক আতংকময় পৰিস্থিতিৰ মাজতে বুধবাৰে সন্ধিয়াৰ পৰা আন এক দুর্যোগৰ আশংকা ঘনীভূত হৈছে বাঘজানত৷ তৈলখনন চলোৱা বাঘজানৰ লগতে নতুনগাঁও, দীঘলটৰং, কর্দৈগুৰি আদি গাঁৱত বুধবাৰৰে পৰা ভূ–গর্ভত অনুভূত হৈছে অস্বাভাৱিক কম্পন৷ বৃহস্পতিবাৰে নিশাপর্যন্ত সমগ্র অঞ্চলৰ ভূপৃষ্ঠ কঁপি আছে যদিও ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ এতিয়াও ঠাৱৰ কৰিব পৰা হোৱা নাই৷ যাৰ বাবে এয়া ভয়ংকৰ বিপর্যয়ৰ আগজাননী বুলি ভাবি বহু গঞাই ঘৰ–বাৰী এৰি নতুনকৈ আশ্রয় শিবিৰলৈ ঢাপলি মেলিছে৷ ফলত আশ্রয় শিবিৰতো এক অবর্ণনীয় পৰিস্থিৰ সৃষ্টি হৈছে৷ আনহাতে, শিবিৰত খোৱা–লোৱাৰ বিশেষ অসুবিধা নাই হোৱা বুলি উল্লেখ কৰি কেৱল অনিদ্রাৰে সময় অতিবাহিত কৰাত চকুৰ পোৰণি, মূৰৰ বিষ আৰু দুর্বল অনুভৱ কৰাৰ কথা উল্লেখ কৰে আশ্ৰয়শিবিৰৰ লোকসকলে ৷ কর্দৈগুৰি হাইস্কুল আৰু কেছেৰুগুৰি প্রাথমিক বিদ্যালয়ৰ আশ্রয় শিবিৰত আশ্রয় লৈ থকা বাঘজান–কলিয়াপানী গাঁৱৰ ৬৫০টা পৰিয়ালৰ আবাল–বৃদ্ধ–বনিতা সকলোৱে এতিয়া এই ভয়াৱহ সংকটৰ সময়ত অসমবাসী ৰাইজক তেওঁলোকৰ কাষত থিয় হ’বলৈ কাতৰ আহ্বান জনাইছে৷ চাওক বাঘজানৰ পৰা এক প্ৰতিবেদনঃ Featured Share