নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত অবৈধ যানবাহানৰ দৌৰাত্ম্য; পৰিবহন আইন ধোঁৱাচাঙত তুলি পথচাৰীৰ জীৱনলৈ ভাবুকি

নিয়মীয়া বাৰ্তা, ১২জুন: পৰিবহন আইন ধোঁৱাচাঙত তুলি একাংশই নিৰ্বিঘ্নে ৰাজপথত চলাই গৈছে নিজে সাজিলোৱা ইঞ্জিনযুক্ত বাহন। দেশৰ ক্ৰমবৰ্ধিত দুৰ্ঘটনাত অস্বাভাৱিক ভাবে জন-ধনৰ ক্ষতিৰ পৰিমান হ্ৰাস কৰাৰ লক্ষ্যৰে  কেন্দ্ৰীয় চৰকাৰে যানবাহান আইন সংশোধন কৰাৰ পাছত দেশৰ অধিকাংশ নাগৰিকে পূৰ্বৰ তুলনাত অধিক কঠোৰ আইনখন মানি চলিছে।

তাৰ বিপৰীতে অসমৰ কোনো কোনো জিলাত একাংশ অবিৱেচক ব্যক্তিয়ে পৰিবহন আৰু আৰক্ষীৰ দৰে চৰকাৰী বিয়াগোম বিভাগ সমূহক অংগুষ্ট প্ৰদৰ্শন কৰি পথচাৰী তথা বৈধ অনুজ্ঞা পত্ৰ থকা বাহন সমূহৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ  লগতে চালক আৰু আৰোহীৰ জীৱন বিপদাপন্ন কৰি তুলিছে । পূৰণি তথা পৰিত্যক্ত স্কুটাৰ-মটৰ চাইকেলৰ ইঞ্জিন আৰু অন্যান্য অংশ ব্যৱহাৰ কৰি ৰিক্সাভেনত সংযোগ কৰি ইন্ধন চালিত একপ্ৰকাৰৰ নতুন যানবাহান সাজি লৈছে।সেই বাহন সমূহ ৰাষ্ট্ৰীয় পথৰ লগতে ৰাজ্যিক গড়কাপ্তানি পথত বাধাহীন ভাবে চলাই গৈছে ।

তেওঁলোকৰ মাজত কোনে কিমান আইন ভংগ কৰিব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । বিশেষকৈ নামনি অসমৰ একাংশ ব্যক্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠানে এইসমূহ বাহন চলাই থকা পৰিলক্ষিত হৈছে । বৈধ যানবাহানৰ গৰাকী তথা সৰ্বসাধাৰণ ৰাইজে প্ৰদূষণৰ প্ৰমাণ পত্ৰ,চালকৰ অনুজ্ঞা পত্ৰ,যানবাহানৰ অনুজ্ঞা পত্ৰৰ লগতে বীমা,হেলমেট আদিৰ ভিতৰত যিকোনো এবিধ লগত নাৰাখিলে নূন্যতম ৫০০/১০০০ টকা জৰিমনা আদায় দিবলৈ বাধ্য হয় নাইবা আদালতত হাজিৰ হ’বলগীয়া হয়।

তেনে স্থলত এই সকল আইন ভংগকাৰীয়ে কাৰ কৃপাদৃষ্টিত পথচাৰী আৰু বৈধ বাহনৰ গৰাকী, চালক,আৰোহী সকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এই অবৈধ ভাৱে সাজিলোৱা ইঞ্জিনযুক্ত বাহন সমূহ চলাচল কৰাৰ সাহস কৰিছে বুলিও প্ৰশ্ন উত্থাপন হৈছে । বিশেষকৈ চিৰাং জিলা আৰু বঙাইগাঁও জিলাৰ নগৰাঞ্চল,ৰাষ্ট্ৰীয় পথ,ৰাজ্যিক গড়কাপ্তানি পথ সমূহত পুৱাৰ পৰা গধুলিলৈ চলি থকা এই অবৈধ যানবাহন সমূহ জব্দ কৰিবলৈ পৰিবহন বিভাগৰ লগতে যানবাহান নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষীক দাবী জনাইছে।।

You might also like