নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোলাত ৭ মহীয়া সন্তান লৈ মৃতদেহৰ পিছে পিছে দৌৰিছে ঋতুপৰ্ণৰ পত্নীয়ে

নিয়মীয়া বাৰ্তা, ১৩জুনঃ শুকুৰবাৰে মহানগৰী গুৱাহাটীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোঁকাৰিছে ৰাজ্য।এখন টুলত বহাক কেন্দ্ৰ কৰি হোৱা সাধাৰণ তৰ্ক-বিতৰ্কই কাল হ’ল ঋতুপৰ্ণৰ পেগু নামৰ ধেমাজিৰ যুৱকজনৰ। নিষ্ঠুৰভাৱে ৰডেৰে মৰিয়াই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে বিবেকহীন একাংশই।

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় অসহায় পত্নী। কোলাত ৭মহীয়া সন্তান। স্বামীৰ মৃতদেহৰ পিছে পিছে খোজ দিছে দিক-বিদিক হেৰুওৱা ঋতুপৰ্ণৰ পেগুৰ পত্নীয়ে। চকুৰ পানীৰে বাট নেদেখা হোৱা মহিলাগৰাকীৰ কাষত থিয় দিছে নুনমাটিবাসী ৰাইজে।

ঘটনাস্থলীত কিছু পলমকৈ আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ তুলিছে ৰাইছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৫জন অভিযুক্তক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী তুলিছে ৰাইজে। হুছেইন আলী, দুলাল আলী, ইব্ৰাহীম আলী, মানুৱাৰা খাতুন, আৰমান আলীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। দোষীক শীঘ্ৰে শাস্তি প্ৰদান কৰাৰ দাবীৰে নুনমাটিত স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।

You might also like