নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেক্সি অপাৰেটর্ছ ইউনিয়নৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ১৩ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চলি থকা লকডাউনৰ মাজতে ৰাজ্যবাসীৰ লগতে বাইক–টেক্সি সেৱাৰ জৰিয়তে জীৱিকা চলোৱাসকল বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে৷ দীর্ঘদিন ধৰি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য জিলাত বাইক–টেক্সিসমূহ বন্ধ হৈ থকাৰ বাবে ইয়াৰ সৈতে জড়িতসকল আর্থিকভাৱে জুৰুলা হৈ পৰিছে৷ সেয়েহে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ সকলো বাইক–টেক্সি চালকক আর্থিক সাহায্য দিয়াৰ লগতে বাইক–টেক্সি সেৱা পুনৰ মুকলি কৰি দিয়াৰ দাবীত আজি গুৱাহাটীৰ নৱগ্রহ শ্মশানৰ সন্মুখত অল আছাম বাইক–টেক্সি অপাৰেটর্ছ ইউনিয়নে সামাজিক দূৰত্ব বজাই ৰাখি এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷

You might also like