নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ তথ্য দিয়া লীৰ পত্নীয়ে জন্ম দিলে পুত্র সন্তান

চীনৰ প্রয়াত ‘বীৰ’ চিকিৎসকক বিশ্বজুৰি পুনৰ স্মৰণ

নিয়মীয়া বাৰ্তা ১৩ জুনঃ  বর্তমান বিশ্বজুৰি বিভীষিকাৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ উৎপত্তিৰ কথা প্রথমবাৰলৈ সদৰী কৰা চীনৰ চিকিৎসক লী ৱেনলিয়াঙৰ পত্নীয়ে জন্ম দিছে এটি পুত্র সন্তান৷ উল্লেখনীয় যে চিকিৎসক লী ৱেনলিয়াঙক ভাইৰাছৰ সংক্রমণ ঘটা বুলি সতর্কবাণী কৰাৰ পিছতে প্রশাসনে গ্রেপ্তাৰ কৰিছিল৷ পৰৱর্তী সময়ত ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈ প্রাণ হেৰুৱায় চিকিৎসকগৰাকীয়ে৷ কিন্তু চিকিৎসকগৰাকীৰ পত্নী ফু ঝুৱেজি হৈ আছিল সন্তানসম্ভৱা৷ স্বামীৰ মৃত্যুৰ পিছত কালি ফুৱে জন্ম দিছে এটি পুত্র সন্তান৷ উইচাট নামৰ এপটোৰ জৰিয়তে নৱজাতক সন্তানৰ আলোকচিত্র মুকলি কৰি দি ফুৱে উল্লেখ কৰিছে যে এয়া তেওঁৰ স্বর্গগামী স্বামীৰ উপহাৰ৷ স্মর্তব্য যে ডাঃ লী ৱেনলিয়াঙৰ মৃত্যু হোৱাৰ পিছত সমগ্র চীনত সৃষ্টি হৈছিল প্রতিক্রিয়া৷ জনতাৰ ক্ষোভৰ বাবেই কমিউনিষ্ট চীনে মৃত্যুৰ পিছত লীক এগৰাকী বীৰ বুলি অভিহিত কৰিছিল৷ স্বামীহাৰা ফুৱে আজি উল্লেখ কৰিছে যে যিকোনো ভাইৰাছ বা মহামাৰীৰ পৰা তেওঁৰ সন্তানক সুৰক্ষিত কৰি ৰাখিব৷ স্মর্তব্য যে লী আৰু ফুৰ পূর্বৰে এটি পুত্র সন্তান আছে৷ আজি চিকিৎসক লীৰ পত্নী ফুৱে তেওঁৰ নৱজাতকৰ আলোকচিত্র মুকলি কৰি দিয়াৰ লগে লগে বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ বিভিন্নজনে য়ুহানৰ বীৰ চিকিৎসক লীক পুনৰ স্মৰণ কৰিছে৷

You might also like