আৰ্থিক দৈন্যতাকো নেওচি উজ্জ্বলিল চয়নিকা চুতীয়া; সপোন বাস্তৱত পৰিণত হ’বলৈ লাগে আপোনাৰ সহায়
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ আৰ্থিক দৈন্যতাও যে উন্নয়নৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা পুণৰ বাৰ প্ৰমাণ কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৭৬.৮৩ শতাংশ নম্বৰ সহ ষ্টাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ স্ব প্ৰতিভাৰে উজ্জ্বলি উঠিল সৰু পতীয়াৰ চয়নিকা চুতীয়া ৷
সৰু পতীয়া গাঁৱৰ মহেন্দ্ৰ চুতীয়া আৰু বৰ্ণালী চুতীয়াৰ জেষ্ঠ কন্যা চয়নিকাই এখন চকীৰ অভাৱত নিজে শুৱা বিছনাত বহি পঢ়া শুনা কৰিয়েই পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতিৰ্ণ হৈ অসমীয়াত ৭২ ইংৰাজীত ৭৪ সাধাৰণ গণিতত ৫৯ সাধাৰণ বিজ্ঞানত ৮৩ সমাজ বিজ্ঞানত ৮২ আৰ ভুগোল বিষয়ত ৯১ নম্বৰ পাই ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ সমগ্ৰ পতীয়া চাপৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় যদিও নিজ কন্যাৰ ভবিষ্যতৰ কথা চিন্তা কৰি শংক্ত হৈছে দুৰ্ভগীয়া পিতৃ মাতৃ ৷
আনৰ ঘৰে ঘৰে পেইণ্টিংৰ কাম কৰি কোনো মতে দুবেলা দুসাজ জোগাৰ কৰি পৰিয়াল পোহ পাল দিয়া মহেন্দ্ৰৰ নাই কোনো আৰ্থিক সম্বল . স্বায়ী উপাৰ্জন ৷ চেলা চাৰিকড়িয়া নদীৰ গৰা খহনীয়াত সৰ্বসান্ত হোৱা পৰিয়ালটোৱে সমগ্ৰ গাওঁবাসীৰ লগতে নিজৰ বাপতিসাহোন পৈত্তিক সম্পত্তি ঘৰ ভেটিটোকো নদীৰ গ্ৰাসত এৰি দিহিঙে দিপাঙে ঢাপলি মেলাৰ উপক্ৰম হৈছে ৷ ইয়াৰ মাজটো তীব্ৰ আৰ্থিক সংকট আৰু সীমাহীন অভাৱ অনাটনৰ মাজেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ বিদ্যালয় তথা অঞ্চলটোৰ লগতে দুৰ্ভগীয়া পৰীয়ালটোলৈকো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা চয়নিকাই বিজ্ঞান বিষয়ত অধ্যয়ন কৰি ভবিষ্যতে এগৰাকী সফল ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখা বুলি মত ব্যক্ত কৰে ।