দুলীয়াজানত দ্বিতীয় গৰাকী ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ১৩ জুন : দুলীয়াজানত পুনৰ আন এগৰাকী দেহত ক’ভিড পজিটিভ ধৰা পৰিছে । যুৱকজন হৈছে ম’হমাৰী মেৰবিলৰ মাইনা মুড়া ।
জানিব পৰা মতে, তামিলনাডুৰ পৰা অহা যুৱকজনে ডিব্ৰুগড় কানৈ কলেজত কোৱাৰেন্টাইন হৈ আছিল ।
যোৱা ৯ জুনত ১৪ দিনীয়া কোৱাৰেন্টাইন পিৰিয়ড সম্পূৰ্ণ কৰে যুৱকজনে ।
পুনৰ ৫ জুনত যুৱকজনৰ দেহৰ পৰা দ্বিতীয়বাৰলৈ সংগ্ৰহ কৰা স্বাৱ পৰীক্ষাত ক’ভিড পজিটিভ ধৰা পৰাৰ লগে লগে টেঙাখাট খণ্ডৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্হ্য কৰ্মীয়ে কালি ১০৮ ৰ দ্বাৰা যুৱকজনক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে ।
এই ঘটনাৰ সংক্ৰান্তত পজিটিভ ৰোগীজনৰ ৪ জনীয়া পৰিয়ালৰ সদস্যৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা স্হানীয় মংলু মুৰাৰী নামৰ আন এজন যুৱককো হোম কোৱাৰেন্টাইন কৰা হৈছে ।
ইতিমধ্যে স্হানীয় এলেকাৰ পূব পশ্চিম উত্তৰ দক্ষিণে নিৰ্দিষ্ট অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।