নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ দামামাঃ চীনক সকীয়াই লাডাখত ভাৰতৰ যুঁজাৰু বিমানৰ অনুশীলন

‘নিয়মীয়া বার্তা’ৰ গ্রাউণ্ড জিৰ’ ৰিপ’ট

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ পুৱাৰ আকাশ ভেদি অহা এক প্রচণ্ড শব্দই শনিবাৰে টোপনিৰ পৰা জগাই তুলিলে লাডাখবাসীক৷ শনিবাৰে নিচেই পুৱাৰ পৰা ৰঙা চীনক সকীয়াই লাডাখৰ আকাশত ভাৰতীয় বায়ুসেনাই চলায় যুঁজাৰু বিমানৰ অনুশীলন৷

পুৱা ৬.৩০ বজাৰ পৰা প্রায় ৮ বজালৈ নিৰৱচ্ছিন্নভাৱে চলোৱা এই যুঁজাৰু বিমানৰ অনুশীলনত এক ডজন বিমানে অংশগ্রহণ কৰে৷ লেহ বিমানবন্দৰৰ পৰা উৰা মৰা এই বিমানসমূহ পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ প্রচণ্ড শব্দৰে অহা–যোৱা কৰি লাডাখৰ আকাশ–বতাহ কঁপাই তোলে৷ প্রতি দুই মিনিটৰ মূৰে মূৰে উৰণ আৰু অৱতৰণ কৰা যুঁজাৰু বিমানসমূহৰ ডেৰ ঘণ্টাজোৰা সামৰিক অনুশীলনে নিশ্চিতভাৱে আগ্রাসী চীনক সকীয়নিৰ বার্তা প্রেৰণ কৰিছে৷ বিশেষকৈ যোৱা প্রায় এটা মাহ ধৰি দুয়োখন দেশৰ মাজত চলি থকা সংঘাতৰ সময়ত এই বিমানৰ অনুশীলনে বিশেষ তাৎপর্য কঢ়িয়াই আনিছে৷

মন কৰিবলগীয়া যে বায়ুসেনাৰ এই অনুশীলনত কেইবাখনো অত্যাধুনিক হেলিকপ্টাৰেও অংশগ্রহণ কৰে৷ যুঁজাৰু বিমানসমূহে আকাশৰ যথেষ্ট ওপৰত অনুশীলন চলোৱাৰ বিপৰীতে হেলিকপ্ঢাৰসমূহ নামনিত অহা–যোৱা কৰে৷ প্রাক্তন সেনা বিষয়া তথা স্থানীয় বাসিন্দা শ্বেৰিং দোর্জেই জনোৱা মতে, সময়ে সময়ে লেহ তথা লাডাখৰ আকাশমার্গত বায়ুসেনাৰ বিমানে এনেদৰে অনুশীলন চলায় যদিও কালিৰ দৰে প্রায় দীঘলীয়া ডেৰ ঘণ্টা সময় ধৰি কাহানিও এনে অনুশীলন চলোৱা নাছিল৷ ভাৰত–চীন সংঘাতৰ বহু ক্ষণৰ সাক্ষী শ্বেৰিং দোর্জেই এই প্রতিবেদকৰ আগত কয় যে তেওঁৰ স্মৰণকালত এনে সু–সংজ্ঞাবদ্ধ আৰু দীঘলীয়া অনুশীলন কাহানিও প্রত্যক্ষ কৰা মনত নপৰে৷

উল্লেখনীয় যে শনিবাৰে প্রথম অৱস্থাত লেহৰ বাসিন্দাসকলে যুঁজাৰু বিমানৰ বিকট শব্দত এখন যুদ্ধৰে সূচনা বুলি আতংকিত হৈ পৰিছিল যদিও কিছু সময়ৰ পাছত তেওঁলোকৰ সেই ভুল ভাগে আৰু এয়া পূর্বৰ দৰে এক অনুশীলন বুলিহে নিশ্চিত হয়৷

ইপিনে, ছেৰিলাংস্থিত সেনাবাহিনীৰ শিবিৰৰ সৈতে যোগাযোগ কৰাত এয়া এক নিয়মিত অনুশীলন বুলিহে মন্তব্য কৰি এই বিষয়ত বিশেষ জনাবলৈ অস্বীকাৰ কৰে৷

You might also like