নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেষ্টুৰেণ্টৰ পেকেজ পৰঠাত প্রযোজ্য হ’ব ১৮ শতাংশ জিএছটি

নিয়মীয়া বাৰ্তা, ১৪জুনঃ এইবাৰ পেকেট কৰা পৰঠাৰ ওপৰত পণ্য আৰু সেৱা কৰ লগাব চৰকাৰে৷ এইক্ষেত্রত অথৰিটী ফৰ এডভাঞ্চ ৰুলিং (এএআৰ)এ পৰঠা বা পাৰটাৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰাৰ চিন্তা–চর্চা চলাই থকা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ ৰেষ্টুৰেণ্টসমূহে ঘেঁহুৰ পৰঠা বা মালাবাৰ পৰঠা পেকেজ কৰি বিক্রী কৰে৷ এই পেকেজ পৰঠা তিনিৰ পৰা সাত দিনপর্যন্ত সংৰক্ষণ কৰিব পৰা যায়৷ ব্রেণ্ডেড পেকেজত ইয়াৰ প্রকৃত মূল্যতকৈ অধিক দাম লয় ৰেষ্টুৰেণ্টবোৰে৷ গতিকে, ইয়াৰ ওপৰত ১৮ শতাংশ জিএছটি লগোৱাটো যুক্তিসংগত বুলি এএআৰৰ পৰা ঘোষণা কৰিছে৷ স্মর্তব্য যে পৰঠা বা পাৰটাক ৰুটী নহয় বুলি ঘোষণা কৰিছে চৰকাৰে৷ এই বিষয়টো লৈ কোনোধৰণৰ বিতর্ক সৃষ্টি হোৱা উচিত নহয় বুলি ঘোষণা কৰি চৰকাৰে পেকেজ কৰা পৰঠাৰ ক্ষেত্রত ১৮ শতাংশ জিএছটি বাধ্যতামূলক হ’ব বুলিও স্পষ্ট কৰি দিছে৷ সংবাদ সূত্রই সদৰী কৰিছে এই তথ্য৷

You might also like