লক্ষণ অবিহনেই ৪৫ শতাংশ সংক্রমণ ঘটিব পাৰে ক’ৰোনা ভাইৰাছৰ
নিয়মীয়া বাৰ্তা, ১৪জুনঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ নিশ্চিত কৰিবলৈ মানুহৰ দেহত বিভিন্ন লক্ষণ নিৰীক্ষণ কৰি অহা হৈছে৷ কিন্তু কোনোধৰণৰ লক্ষণ অবিহনেই ৪০ৰ পৰা ৪৫ শতাংশ ক’ভিড–১৯ৰ সংক্রমণ ঘটিব পাৰে৷ শেহতীয়াকৈ আমেৰিকাৰ এক গৱেষণা সংস্থাৰ অধ্যয়নৰ তথ্য সদৰী কৰিছে জার্নাল ‘আনালছ অৱ ইণ্টাৰনেল মেডিচিন’–এ৷ জার্নালখনত প্রকাশ কৰা অনুসৰি অতি গোপনে ক’ভিড–১৯ৰ সংক্রমণ ঘটিলেও তাক নিশ্চিত কৰাটো কঠিন৷ সাধাৰণতে জ্বৰ, কাহ বা ডিঙিৰ বিষ আদি লক্ষণৰ ওপৰত ভিত্তি কৰি ক’ভিড–১৯ৰ দ্বাৰা সংক্রমিত হোৱা বুলি সন্দেহ কৰা হয়৷ তেনে লক্ষণবোৰ ধৰা পৰিলে কোনো লোকৰ ক’ভিড পৰীক্ষা চলোৱা হয়৷ কিন্তু স্ক্রিপছ ৰিছার্চ ট্রেন্সলেচনেল ইনষ্টিটিউটৰ বিজ্ঞানী এৰিক ট’প’লৰ মতে মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হ’লেও ৪০–৪৫ শতাংশ লোকৰ শৰীৰত কোনোধৰণৰ লক্ষণ ধৰা নপৰিব পাৰে৷ গতিকে, ক’ভিডৰ সংক্রমণ কেৱল কেইটামান বাহ্যিক লক্ষণৰ ওপৰতেই নিশ্চিত কৰিব নোৱাৰি৷ ইয়াৰ বাবে সামূহিক পৰীক্ষাৰ প্রয়োজন বুলি চিকিৎসা বিজ্ঞানীগৰাকীয়ে ঘোষণা কৰিছে৷